মেইতেই জনগোষ্ঠী
From Wikipedia, the free encyclopedia
মেইতেই জনগোষ্ঠী (ইংৰাজী: Meitei People) নতুবা মীতেই জনগোষ্ঠী (ইংৰাজী: Meetei people) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সৰ্ববৃহৎ আৰু প্ৰধান জনগোষ্ঠী।[11] তেওঁলোকে ভাৰতীয় গণৰাজ্যৰ ২২টা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম আৰু মণিপুৰৰ একমাত্ৰ চৰকাৰী ভাষা মেইতেই ভাষা (আনুষ্ঠানিকভাৱে মণিপুৰী বুলি কোৱা হয়) কয়।[12][13] মেইতেইসকলে মূলতঃ আধুনিক মণিপুৰৰ ইম্ফল উপত্যকা অঞ্চলত বসতি স্থাপন কৰিছিল যদিও ভাৰতৰ অন্যান্য ৰাজ্য অসম, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, মিজোৰামত যথেষ্ট জনসংখ্যাই সম্প্ৰতি বসতি স্থাপন কৰিছে।[10][14] চুবুৰীয়া দেশ ম্যানমাৰ আৰু বাংলাদেশতো মেইতেইসকলৰ উল্লেখযোগ্য উপস্থিতি আছে।[10][15] মেইতেই জনগোষ্ঠীয়ে মণিপুৰৰ প্ৰায় ৫৩% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে।[16]
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | ||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||||||||||||||||||||||
ভাষাসমূহ | ||||||||||||||||||||||||||||||
মেইতেই ভাষা | ||||||||||||||||||||||||||||||
ধৰ্ম | ||||||||||||||||||||||||||||||
সংখ্যাগৰিষ্ট: হিন্দু ধৰ্ম সংখ্যালঘূ: | ||||||||||||||||||||||||||||||
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | ||||||||||||||||||||||||||||||
মেইতেই পাংগালছ, নগা জনগোষ্ঠী, কুকি জনগোষ্ঠী, জোমিছ, বামৰ, শ্বান |