নগা জনগোষ্ঠী
From Wikipedia, the free encyclopedia
নগা জনগোষ্ঠী (ইংৰাজী: Naga people)[1] বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়। ইয়াৰোপৰি ভাৰতৰ মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্য আৰু ম্যানমাৰৰ চাগাইং বিভাগ আৰু কাচিন ৰাজ্যত যথেষ্টসংখ্যক নগালোক বাস কৰে।
নগাসকল বিভিন্ন নগা জাতিগত গোষ্ঠীত বিভক্ত যাৰ সংখ্যা আৰু জনসংখ্যা অস্পষ্ট। তেওঁলোকে প্ৰত্যেকেই পৃথক নগা ভাষা কয় যিবোৰ প্ৰায়ে আনৰ নগা গোষ্ঠীৰ বাবে বোধগম্য নহয়।