মহিম বৰা
From Wikipedia, the free encyclopedia
মহিম বৰা (ইংৰাজী: Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়[2]।
ক্ষিপ্ৰ তথ্য মহিম বৰা, জন্ম ...
মহিম বৰা | |
---|---|
জন্ম | জুলাই ৬, ১৯২৪ ঘোপসাধাৰু চাহবাগিছা, দৰং জিলা |
মৃত্যু | আগষ্ট ৫, ২০১৬ গুৱাহাটী |
পেচা | লেখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | কাঠনিবাৰী ঘাট এধানি মাহীৰ হাঁহি |
উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী (২০১১) সাহিত্য অকাডেমি বঁটা (২০০১)[1] |
দাম্পত্যসংগী | দীপ্তিৰেখা হাজৰিকা |
বন্ধ কৰক