মহাত্মা
From Wikipedia, the free encyclopedia
মহাত্মা (ইংৰাজী: ;Mahātmā (/məˈhɑːtmə, -ˈhæt-/) শব্দৰ অৰ্থ হৈছে "মহান আত্মা" (महात्मा mahātmā: महा mahā (মহান) + आत्मं বা आत्मन ātman [আত্মা])। আধুনিক ইংৰাজী শব্দ ‘চেইণ্ট’ ব্যৱহাৰিক অৰ্থত মহাত্মাৰ সমাৰ্থক আৰু ইয়াক "সদগুৰু" বুলি অনুবাদ কৰিব পাৰি।[1]
এই বিশেষণ সাধাৰণতে বাসবেশ্বৰ[2] (১১৩১-১১৬৭), মোহনদাস কৰমচান্দ গান্ধী (১৮৬৯-১৯৪৮), মুন্সিৰাম (পিছলৈ স্বামী শ্ৰদ্ধানন্দ) (১৮৫৬-১৯২৬), লালন শ্বাহ (১৭৭২-১৮৯০), আয়ঙ্কালী (১৮৬৩-১৯৪১) আৰু জ্যোতিৰাও ফুলে (১৮২৭-১৮৯০) আদিৰ দৰে বিশিষ্ট লোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ইয়াক ঐতিহাসিকভাৱে জৈন পণ্ডিতসকলৰ এটা শ্ৰেণীৰ বাবেও ব্যৱহাৰ কৰা হৈছে।