লালন
From Wikipedia, the free encyclopedia
লালন (ইংৰাজী: Lalon, ১৪ অক্টোবৰ ১৭৭২ - ১৭ অক্টোবৰ ১৮৯০)[1] বৰ্তমান বাংলাদেশৰ কুষ্টিয়াৰ এগৰাকী প্ৰখ্যাত বঙালী দাৰ্শনিক, লেখক, বাউল সন্ত, ৰহস্যবাদী, গীতিকাৰ, সমাজ-সংস্কাৰক আৰু চিন্তাবিদ আছিল।[2] ফকিৰ লালন শাহ , লালন শাহ বা লালন ফকিৰ নামেৰেও জনাজাত লালনক বঙালী সংস্কতিৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। যদিও তেওঁ সকলো জাতি আৰু পন্থৰ বিভেদক নস্যাৎ কৰিছিল, তেওঁৰ কৰ্মৰাজি আৰু চিন্তাৰ দ্বাৰা ৰবীন্দ্ৰনাথ ঠাকুৰ[3][4][5], কাজী নজৰুল ইছলাম[6], এলেন গিঞ্চবাৰ্গ[7] বহুতো কবি, সামাজিক আৰু ধৰ্মীয় চিন্তাবিদ অনুপ্ৰাণিত আৰু প্ৰভাৱিত হৈছিল।[8]
বাউল সম্ৰাট ফকীৰ লালন সাই, সন্ত, শাহ, শাহজী | |
---|---|
স্থানীয় নাম | লালন |
জন্ম | ১৪ অক্টোবৰ ১৭৭২ ঝিনাইদহ, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বাংলাদেশত) |
মৃত্যু | ১৭ অক্টোবৰ, ১৮৯০ চেউৰিয়া, কুষ্টিয়া, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বাংলাদেশত) |
সমাধিস্থল | চেউৰিয়া, কুষ্টিয়া, বাংলাদেশ 23°53′44″N 89°09′07″E |
পদবী | বাউল সম্ৰাট |
দাম্পত্যসঙ্গী | বিশখা |
তেওঁ ধৰ্মীয় সহিষ্ণুতাৰ প্ৰতীক হিচাপে ব্যাপকভাৱে স্বীকৃত হৈছিল। তেওঁৰ জীৱনকালত আৰু মৃত্যুৰ পিছত বহুতে তেওঁক ধৰ্মবিৰোধী বুলিও অভিযুক্ত কৰিছিল। লালনে তেওঁৰ গীতত এনে এখন সমাজৰ কল্পনা কৰিছিল য'ত সকলো ধৰ্ম আৰু বিশ্বাসৰ লোকসকলে সম্প্ৰীতিৰে বাস কৰিব।
লালনে কুষ্টিয়া ৰেল ষ্টেচনৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত চেউৰিয়াত আখৰা এটা প্ৰতিষ্ঠা কৰিছিল, যাক লালন আখৰা বুলি জনা যায়। তেওঁৰ শিষ্যসকল বেছিভাগ বাংলাদেশ আৰু পশ্চিম বংগত বাস কৰে। প্ৰতি বছৰে তেওঁৰ মৃত্যু-বাৰ্ষিকী উপলক্ষে হাজাৰ হাজাৰ শিষ্য আৰু অনুগামী লালন আখৰাত একত্ৰিত হয় আৰু তিনিদিন ধৰি তেওঁৰ গীত আৰু দৰ্শন আলোচনাৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।[8]
২০০৪ চনত বিবিচিয়ে চলোৱা সৰ্বকালৰ শ্ৰেষ্ঠ বঙালীৰ জৰীপত লালন ১২নং স্থানত আছিল।[9][10][11]