From Wikipedia, the free encyclopedia
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম।[2] হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে। [3] এই ৰূপ শব্দটো আকৌ আকাৰ বা আকৃতি বুজোৱা সৰ্বনাম পদ ৰূপৰ পৰা উলাইছে আৰু ই মূলতঃ দ্ৰাবিড় ভাষাৰ শব্দ।[4]
কৌটিল্যৰ অৰ্থশাস্ত্ৰতো ৰূপৰ মোহৰ ৰূপ্যৰূপ, সোণৰ মোহৰ সুৱৰ্ণৰূপ আৰু সীহৰ মোহৰ সীহৰূপৰ কথা উল্লেখ আছে।[1]
শ্বেৰ শ্বাহ সূৰীয়ে তেওঁৰ পাঁচ বছৰীয়া শাসনকালত (১৫৪০-১৫৪৫) ১৭৮ ৰতি ওজনৰ ৰূপৰ মুদ্ৰা ৰূপিয়া নামেৰে প্ৰচলন কৰিছিল।[3][5] মোগল তথা মাৰাঠাসকলৰ ৰাজত্বকালৰ লগতে ইংৰাজশাসিত ভাৰততো ৰূপৰ মুদ্ৰা প্ৰচলিত আছিল।[6] কাগজৰ বেংকনোটৰ পোনপ্ৰথম প্ৰচলনকাৰীৰ ভিতৰত আছিল বেংক অফ হিন্দুস্তান (১৭৭০-১৮৩২), ৱাৰেণ হেষ্টিংছে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল বেংক অফ বেংগল এণ্ড বিহাৰ (১৭৭৩-৭৫) আৰু বেংগল বেংক (১৭৮৪-৯১)।
১৯ শতিকাৰ সময়ছোৱাত অন্যান্য সবল অৰ্থব্যৱস্থাসমূহত সোণৰ ভিত্তিত দেশীয় মুদ্ৰাৰ মূল্য নিৰ্ধাৰিত হোৱাৰ বিপৰীতে ভাৰতীয় টকা ৰূপৰ (ধাতু) ওপৰত নিৰ্ধাৰণ কৰা হৈছিল। ইংৰাজ শাসনকাল আৰু স্বাধীনতা-উত্তৰ কালৰ প্ৰথমছোৱা ভাৰতীয় এক টকাক অনা হিচাপে ১৬ অনাত ভাগ কৰা হৈছিল। প্ৰতিটো অনা ৪ পইচা বা বাৰ পাইত পুনৰ বিভাজিত কৰাৰ ব্যৱস্থা আছিল। গতিকে এক টকা ১৬ অনা বা ৬৪ পইচা বা ১৯২ পাইৰ সমান আছিল। ১৯৫৭ চনত এক টকাক নতুনকৈ ১০০ নয়া পইচাত ভাগ কৰা হয় আৰু কিছু বছৰৰ পাছতেই আগৰ নয়া শব্দটো গুচাই পেলোৱা হয়।
কিছু বছৰলৈ ইংৰাজশাসিত আৰু ভাৰতৰ পৰা নিয়ন্ত্ৰিত বহুকেইখন ঠাই যেনে পূব এচিয়া, দক্ষিণ আৰৱ আৰু পাৰ্চিয়ান উপকূল আদিত ভাৰতীয় টকা চৰকাৰী মুদ্ৰা হিচাপে প্ৰচলিত হৈছিল।
মৌৰ্য সাম্ৰাজ্যৰ সোণ, ৰূপ আৰু সীহৰ মোহৰৰ পিচত মধ্যযুগত কোনো এক নিৰ্দিষ্ট মুদ্ৰা-ব্যৱস্থাৰ প্ৰচলিত নাছিল।[7] শ্বেৰ শ্বাহ সূৰীকে ভাৰতীয় টকাৰ প্ৰথমজন প্ৰচলনকাৰী বুলি কোৱা হয়।[3]
ইংৰাজ ঔপনিৱেশিক কালত পশ্চিম ভাৰত, দক্ষিণ ভাৰত আৰু বংগৰ (কলকাতা) উপনিৱেশসমূহে ব্যৱসায়-বাণিজ্যৰ বাবে নিজাকৈ ভিন্ন মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰে।
বংগৰ মুদ্ৰাসমূহে মোগল ধৰণত আৰু মাদ্ৰাজী মুদ্ৰাসমূহে দক্ষিণ ভাৰতীয় ধৰণত বিকাশ লাভ কৰে। অন্যহাতে পশ্চিম ভাৰতীয় ইংৰাজ মুদ্ৰাসমূহে মোগল আৰু ইংৰাজ এই দুই ধৰণে বিকাশ লাভ কৰে। ১৭১৭ চনত ইংৰাজসকলে সম্ৰাট ফাৰুখ চিয়াৰৰ পৰা বোম্বে মুদ্ৰা নিৰ্মাণশালাত মোগল মুদ্ৰা নিৰ্মাণ কৰাৰ অনুমতি পায়। ব্ৰিটিছ সোণৰ মুদ্ৰাক কেৰ’লাইনা, ৰূপৰ মুদ্ৰাক এংলিনা, তামৰ মুদ্ৰাক কাপাৰূন আৰু টিনৰ মুদ্ৰাক টিনি বোলা হৈছিল। ১৮৩০ চনৰ প্ৰথমভাগলৈ ইংৰাজ ভাৰতৰ প্ৰভাৱশালী শক্তি হিচাপে মূৰ দাঙি উঠে। ১৮৩৫ চনত মুদ্ৰা আইনৰ জন্ম দি ইয়াক কাৰ্যকৰী কৰা হয় আৰু ই সমগ্ৰ ভাৰততে একক মুদ্ৰা ব্যৱস্থাৰ আৰম্ভণি কৰে। নতুন মুদ্ৰাবিলাকৰ এপিঠিত ইংলেণ্ডৰ ৪ৰ্থ উইলিয়ামৰ প্ৰতিকৃতি অংকন কৰা হৈছিল আৰু আনটো পিঠিত ইংৰাজী আৰু পাৰ্চী ভাষাত তাৰ মূল্য অংকিত আছিল। ১৮৪০ চনৰ পিচত প্ৰৱৰ্ত্তন কৰা মুদ্ৰাবোৰত মহাৰাণী ভিক্টোৰিয়াৰ আৱক্ষ প্ৰতিকৃতি অংকিত কৰা হৈছিল। ইংৰাজ শাসনাধিস্থতাত প্ৰথম মুদ্ৰা প্ৰচলন কৰা হয় ১৮৬২ চনত আৰু ১৮৭৭ চনত মহাৰাণী ভিক্টোৰিয়াই ভাৰতৰ সম্ৰাজ্ঞীৰ উপাধি গ্ৰহণ কৰে।
১৯১১ চনত পঞ্চম জৰ্জে ইংলেণ্ডৰ সিংহাসনত আৰোহণ কৰে আৰু নতুনকৈ মোহৰ মাৰে। এই নতুন মোহৰবোৰত ৰজাক ভাৰতীয় হাতীৰে সজ্জিত হাৰ পৰিহিত অৱস্থাত অংকন কৰা হৈছিল। কিন্তু অতিশয় ক্ষুদ্ৰ হোৱাৰ কাৰণে হাতীবোৰক গাহৰি সদৃশ দেখা গৈছিল আৰু এই কথাই ভাৰতীয় মুছলমান সমাজক ক্ষুণ্ণ কৰি তোলে। ইয়াৰ ফলত এই নক্সা তাৎক্ষণিক ৰূপত সলোৱাৰ ব্যৱস্থা কৰা হয়।
প্ৰথম বিশ্বযুদ্ধৰ সময়ত দেশজুৰি ৰূপৰ নাটনিয়ে দেখা দিয়ে আৰু ই এটকীয়া তথা আঢ়ৈটকীয়া কাগজৰ মুদ্ৰাৰ প্ৰচলনত অৰিহণা যোগায় আৰু ৰূপৰ মুদ্ৰাৰ কম মূল্যৰ ভাগসমূহ তাম আৰু নিকেলৰ পৰা প্ৰস্তুতকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিচত ৰূপৰ বিশেষধৰণৰ আকৰেৰে মুদ্ৰা তৈয়াৰ কৰা হয় আৰু ১৯৪০ চনৰ পৰা ইয়াৰ আৰম্ভণি কৰা হয়। ১৯৪৭ চনত ইয়াক আঁতৰাই নিকেলৰ মুদ্ৰাৰ প্ৰৱৰ্ত্তন কৰা হয়।
স্বাধীনতা-উত্তৰ কালৰ প্ৰথমছোৱা ইংৰাজ মুদ্ৰা ব্যৱস্থাটোকে বাহাল ৰখা হয় আৰু এক টকাৰ মূল্য ৬৪ পইচা বা ১৯২ পাইতে স্থিৰ থাকে।
১৯৫০ চনৰ ১৫ আগষ্টত অনা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হয় আৰু ভাৰত গণৰাজ্যৰ ই প্ৰথম মুদ্ৰা ব্যৱস্থা হিচাপে পৰিগণিত হয়। সম্ৰাট অশোকৰ সিংহৰ প্ৰতীকচিহ্নই ইংলেণ্ডৰ ৰজাৰ আৱক্ষ প্ৰতিকৃতিৰ ঠাই দখল কৰে। এটকীয়া মুদ্ৰাবোৰত ঘেঁহুৰ ঠোকে বাঘৰ ঠাই লয়। ১৬ অনাৰ সমষ্টিত এটকাৰ হিচাপ এই ব্যৱস্থাটোত বাহাল ৰখা হয়। ১৯৫৭ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতত ভাৰতীয় মুদ্ৰা (সংশোধিত) আইন ১৯৫৫ বলৱৎ কৰা হয় আৰু ই এক নতুন দশমিকীকৰণ ব্যৱস্থাৰ আৰম্ভণি কৰে। এই নতুন ব্যৱস্থামতে ১ টকাক ১৬ অনা বা ৬৪ পইচাৰ সলনি ১০০ নয়া পইচাত ভাগ কৰা হয়। এই নয়া পইচাসমূহ ১, ২, ৫, ১০, ২০ আৰু ৫০ নয়া পইচা হিচাপে মুদ্ৰিত কৰা হৈছিল আৰু কিছুদিনলৈ অনা আৰু নয়া পইচা উভয়কে বৈধভাৱে ব্যৱহাৰ কৰা হৈছিল। ১৯৬৮ চনৰ ১ জুনৰ পৰা নয়া পইচাসমূহৰ নয়া শব্দটো গুচাই কেৱল পইচা হিচাপে চিহ্নিত কৰা হয়। ষাঠিৰ দশকত মুদ্ৰাস্ফিতীয়ে বহুল ৰূপত দেখা দিয়াত লাহে লাহে তাম, ব্ৰঞ্জ, নিকেল আৰু এলুমিনিয়াম-ব্ৰঞ্জেৰে তৈয়াৰী মুদ্ৰাৰ সলনি এলুমিনিয়ামৰ মুদ্ৰা তৈয়াৰ কৰিবলৈ লোৱা হয়। ইয়াৰ লগে লগে ৩ পইচাৰ ষড়ভূজ মুদ্ৰাৰ আৰম্ভণি ঘটে। ১৯৬৮ চনত ২০ পইচাৰ মুদ্ৰা প্ৰচলন কৰা হৈছিল যদিও ই বিশেষ জনপ্ৰিয় নহ’ল। লাভতকৈ খৰচ বেছি হোৱাৰ অৱস্থা পোৱা বাবে ১৯৭০ চনত ১, ২ আৰু ৩ পইচাৰ মুদ্ৰাসমূহৰ প্ৰচলন বন্ধ কৰা হয়। ইয়াৰ পিছত ক্ৰমে ১৯৮৮ চনত ১০, ২৫ আৰু ৫০ পইচাৰ মুদ্ৰা আৰু ১৯৯২ চনত এটকীয়া মুদ্ৰাক ভাৰতৰ অৰ্থব্যৱস্থাত স্ংযোজিত কৰা হয়। এটকীয়া, দুটকীয়া আৰু ৫ টকীয়া মুদ্ৰাত তুলনামূলকভাৱে খৰচ কম হোৱাৰ বাবে নব্বৈৰ দশকত এই মুদ্ৰাসমূহৰ মুদ্ৰিতকৰণ আৰম্ভ হয়।
১৯৪৭ চনত স্বাধীনতা লাভৰ পিছত ১৯৬৬ আৰু ১৯৯১ চনত ভাৰতে দুটা বৃহৎ অৰ্থনৈতিক বিপৰ্যয় আৰু টকাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলগা হয়।[8]
থোৰতে টকাৰ দশমিকীকৰণ:[9]
সময়সীমা | মুদ্ৰা ব্যৱস্থা |
---|---|
১৮৩৫ চনৰ পৰা | ১ টকা = ১৬ অনা = ৬৪ পইচা = ১৯২ পাই |
১৯৫৭ চনৰ ১ এপ্ৰিলৰ পৰা | ১ টকা = ১০০ নয়া পইচা |
১৯৬৪ চনৰ ১ জুনৰ পৰা | ১ টকা = ১০০ পইচা |
১৯৫০ চনৰ পৰাই ভাৰত বাণিজ্যিক ঘাটিৰ মুখামুখি হৈ আহিছে। এই ঘাটি ১৯৬০ চনত ভয়ংকৰভাৱে বৃদ্ধি পায়। আনহাতে চৰকাৰৰ ঘাটি বাজেটো সেই সময়ত অন্য এক সমস্যা আছিল আৰু দেশৰ ব্যক্তিগত খণ্ডৰ সঞ্চয়ৰ ঋণাত্মক হাৰৰ কাৰণে ব্যক্তিগত খণ্ডৰ পৰা ধন ধাৰে লোৱাৰো সুবিধা নাছিল। ফলস্বৰূপে ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক দীৰ্ঘকালীন ঋণপত্ৰ অৰ্থাৎ বণ্ড প্ৰদান কৰিছিল যাৰ ফলত টকাৰ যোগান বৃদ্ধি পায় আৰু ই মুদ্ৰাস্ফিতীৰ জন্ম দিয়ে। ১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানৰে মিত্ৰতা থকা দেশসমূহে ভাৰতৰ পৰা বৈদেশিক সাহায্য বাতিল কৰিবলৈ সুৰুঙা পায় যি টকাৰ মূল্য হ্ৰাসত অৰিহণা যোগায়। অৱশেষত ১৯৬৬ চনত ভাৰতে লাভ কৰি অহা বৈদেশিক সাহায্যসমূহ কৰ্ত্তন কৰা হয় আৰু কোৱা হয় যে এই সাহায্যসমূহ পুনৰাই লাভ কৰিবলৈ ভাৰতে বৈদেশিক বাণিজ্য ক্ষেত্ৰৰ বাধা-নিষেধসমূহ উঠাই ল’ব লাগিব। সেই সময়ছোৱাত কেৱল প্ৰতিৰক্ষা শিতানতে মুঠ ব্যয়ৰ ২৪.০৬%। টকাৰ মূল্য হ্ৰাসত ১৯৬৫-৬৬ চনৰ খৰাং পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা মূল্যবৃদ্ধিয়েও বহু পৰিমাণে অৰিহণা যোগায়।
১৯৬৯ চনৰ শেষৰফালে ভাৰতীয় টকাৰ মূল্য আছিল ১৩ ব্ৰিটিছ পেঞ্চৰ সমান। তাৰ এটা দশকৰ পিছত ১৯৭৯ চনত ইয়াৰ মূল্য হয়গৈ ৬ ব্ৰিটিছ পেঞ্চ। ১৯৮৯ চনত ই সৰ্বকালৰ সৰ্বনিম্ন মূল্য ৩ ব্ৰিটিছ পেঞ্চ পায়গৈ।
১৯৯১ চনতো ভাৰতত নিৰ্দিষ্ট বিনিময় মূল্য ব্যৱস্থা বাহাল আছিল য’ত ভাৰতীয় টকাৰ মূল্য বেছিকৈ বাণিজ্যিক মিত্ৰতা থকা কেইখনমান দেশৰ মুদ্ৰাৰ বিপৰীতে নিৰ্দিষ্ট কৰি ৰখা হৈছিল। ১৯৮৫ চনৰ পৰা ১৯৯০ চনৰ অন্তলৈকে দেশৰ বেলেঞ্চ অফ পেমেণ্টৰ সমতাত কিছু সমস্যাই দেখা দিয়ে। দেশৰ বৈদেশিক বিনিময়ৰ ভঁৰাল উদংপ্ৰায় হৈ পৰে আৰু ই এনে এক পৰ্যায় পায়গৈ যে আনকি তিনি সপ্তাহৰ মুঠ আমদানিৰ লেন-দেনসমূহ সম্পূৰ্ণ কৰাতো চৰকাৰ অপাৰগ হৈ পৰে। মুদ্ৰাস্ফিতীয়ে চূড়ান্ত পৰ্যায় পায়গৈ আৰু চৰকাৰৰ ঘাটি বাজেটেও বিপদজনক ৰূপ লয়। ফলস্বৰূপে টকাৰ মূল্য হ্ৰাস কৰিবলগা হয়।[10] ১৯৯৯ চনৰ শেষলৈ টকাৰ মূল্য ভালেখিনি হ্ৰাস পায়।
২০০০ চনৰ পৰা ২০০৭ চনৰ ভিতৰত টকাৰ মূল্য হ্ৰাস পোৱাটো বন্ধ হয় আৰু প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ই ৪৪-৪৫ টকাত স্থিৰতা লাভ কৰে। ২০০৭ চনৰ শেষৰফালে সুচল বৈদেশিক বিনিয়োগৰ ফলত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বোচ্চ ৩৯ টকা হয়গৈ। অৱশ্যে ইয়াৰ ফলত দেশৰ মুখ্য ৰপ্তানিকাৰীসকলে লোকচান ভৰিবলগা হয়। ২০০৮ চনত সমগ্ৰ বিশ্বকে চুই যোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত নিয়োজিত তেওঁলোকৰ ধনৰ বহুলাংশ নিজ দেশলৈ ঘূৰাই নিয়ে।
২০১৩ চনৰ প্ৰথমভাগত নিশ্চল পুনৰ্গঠন প্ৰক্ৰিয়া আৰু হ্ৰাস পাই অহা বৈদেশিক বিনিয়োগৰ ফলত টকাৰ মূল্য ক্ৰমাগতভাৱে কমি আহে[11] আৰু প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ই ৬৮.৮০ টকা হয়গৈ। টকাৰ মূল্যৰ এই নিম্নগামী গতি হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপৰ কথা ঘোষণা কৰে যদিও এই সকলোবোৰ বিফল হয়।[12] ক্ৰমাগত মূল্যহ্ৰাস আৰু মুদ্ৰাস্ফিতীৰ পিছত সেই সময়ৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে সংসদত এই বিষয়ে এক বক্তব্য ৰাখে। তেওঁ কয় যে টকাৰ মূল্য হ্ৰাস হোৱাত গোলকীয় কাৰকৰ লগতে দেশৰ অভ্যন্তৰীণ কাৰকসমূহৰো প্ৰভাৱ আছে। তেওঁ লগতে এই সমস্যাৰ সৈতে মোকাবিলা কৰিব্লৈ বিৰোধী দলসমূহক তেওঁলোকৰ সহযোগিতাৰো আহ্বান জনায়।[13]
বেংক অফ বেংগলে প্ৰচলন কৰা নোটসমূহ তলত উল্লিখিত তিনি ভাগত ভগাব পাৰি।
১৮৬১ চনৰ কাগজৰ মুদ্ৰা আইনে চৰকাৰক নোট প্ৰচলন কৰাৰ একক অধিকাৰ প্ৰদান কৰে। পিছলৈ মুদ্ৰা পৰিচালনাৰ ভাৰ মুদ্ৰণকৰ্ত্তা, হিচাপৰক্ষক আৰু মুদ্ৰা নিয়ন্ত্ৰকসমূহক প্ৰদান কৰা হয়।
১৯৩৫ চনৰ এক এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ৰ ২২ নং অনুচ্ছেদে নিজা নোট প্ৰস্তুত নোহোৱালৈকে ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে চলাই অহা নোটসমূহ প্ৰচলনৰ কৰ্তৃত্ত প্ৰদান কৰে। ১৯৩৮ চনত চেণ্ট্ৰেল বেংকটোৱে ৬ম জৰ্জৰ প্ৰতিকৃতি অংকিত প্ৰথমটো ৫ টকীয়া নোটৰ প্ৰচলন কৰে। ইয়াৰ পিছত ১০ টকীয়া নোট ফেব্ৰুৱাৰী, ১০০ টকীয়া নোট মাৰ্চ, ১,০০০ আৰু ১০,০০০ টকীয়া নোট জুন মাহৰ পৰা প্ৰচলিত হয়। দ্বিতীয় গভৰ্ণৰ ছাৰ জেমছ টেইলৰে ৰিজাৰ্ভ বেংকৰ প্ৰথম নোটসমূহত হস্তাক্ষৰ কৰে। ১৯৪০ চনৰ আগষ্টত যুদ্ধকালীন পদক্ষেপ হিচাপে এটকীয়া নোটসমূহ পুনৰ প্ৰচলন কৰা হয়। সেই সময়ত জাপানীবিলাকে ভাৰতীয় টকাৰ উচ্চমানৰ জালনোট প্ৰস্তুত কৰি উলিয়ায় আৰু ইয়াৰ ফলত ৱাটাৰমাৰ্কটো সলনি কৰাৰ প্ৰয়োজন আহি পৰে। ৬ষ্ঠ জৰ্জৰ আৱক্ষ প্ৰতিকৃতিৰ সলনি সম্পূৰ্ণ প্ৰতিকৃতি অংকন কৰা হয় আৰু তেতিয়াই ভাৰতত প্ৰথমবাৰৰ কাৰণে সুৰক্ষা সূত্ৰডাল (security thread) সন্নিৱিষ্ট কৰা হয়। ১৯৪৭ চনলৈকে এই নোটসমূহ বাহাল থাকে আৰু স্বাধীনতা-উত্তৰ কালৰ নোটসমূহ বলৱৎ হোৱাত ই অচল হৈ পৰে।
১৯৪৯ চনত স্বাধীন ভাৰতৰ চৰকাৰে এটকীয়া নোটৰ এক নতুন নক্সা অন্তৰ্ভুক্ত কৰে। প্ৰথমাৱস্থাত ৰজাৰ সলনি মহাত্মা গান্ধীৰ প্ৰতিকৃতি অংকন কৰাৰ কথা বিবেচনা কৰা হৈছিল যদিও পিছত সম্ৰাট অশোকস্তম্ভৰ চিহ্ন নিৰ্বাচন কৰা হয়। ১৯৫৩ চনত নোটবোৰত হিন্দী ভাষাটো চকুতলগাকৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৬০ চনৰ শেষৰফালে হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ ফলস্বৰূপে ১৯৬৭ চনলৈ নোটসমূহৰ আকাৰ সৰু কৰি পেলোৱা হয়। ১৯৭৮ চনত ১০,০০০ টকীয়া নোটসমূহৰ প্ৰচলন বন্ধ কৰা হয়।
১৯৯৬ চনত চনত "মহাত্মা গান্ধী শৃংখলা"ৰ আৰম্ভণি কৰা হয়। এই নতুন নোটসমূহত এক নতুন ৱাটাৰমাৰ্ক, ভিন্ন সুৰক্ষা সূত্ৰ আৰু প্ৰতিৱন্ধীসকলৰ বাবে বিশেষ চিনাক্তকৰণ চিহ্ন সন্নিৱিষ্ট কৰা হয়।
১৯২৬ চনৰ পৰা ১৯৬৬ চনলৈকে ভাৰতীয় টকাৰ মূল্য ব্ৰিটিছ পাউণ্ডৰ সৈতে যুক্ত কৰি ইয়াৰ বিপৰীতে নিৰ্ধাৰণ কৰা হৈছিল আৰু ১৩.৩৩ টকা ১ পাউণ্ডৰ সমান হিচাপে স্থিৰ কৰা হৈছিল। ১৯৬৬ চনত টকাক আমেৰিকান ডলাৰৰ সৈতে যুক্ত কৰা হয় আৰু ১ ডলাৰৰ বিপৰীতে ৭.৮ টকা স্থিৰ কৰা হয়।[14]
চন | বিনিময়ৰ হাৰ (প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকা) |
---|---|
১৯৪৮ | ৩.৩১ |
১৯৪৯ | ৩.৬৭ |
১৯৫০ - ১৯৬৬ | ৪.৭৬[1] |
১৯৬৬ | ৭.৫০[1] |
১৯৭৫ | ৮.৩৯[1] |
১৯৮০ | ৭.৮৬[2] |
১৯৮৫ | ১২.৩৮[2] |
১৯৯০ | ১৭.০১[2] |
১৯৯৫ | ৩২.৪২৭ |
২০০০ | ৪৩.৫০[2] |
২০০৫ (জানুৱাৰী) | ৪৩.৪৭[2] |
২০০৬(জানুৱাৰী) | ৪৫.১৯[2] |
২০০৭ (জানুৱাৰী) | ৩৯.৪২[2] |
২০০৮ (অক্টোবৰ) | ৪৮.৮৮ |
২০০৯ (অক্টোবৰ) | ৪৬.৩৭ |
২০১০ (জানুৱাৰী ২২) | ৪৬.২১ |
২০১১ (এপ্ৰিল) | ৪৪.১৭ |
২০১১ (ছেপ্টেম্বৰ ২১) | ৪৮.২৪ |
২০১১ (নৱেম্বৰ ১৭) | ৫৫.৩৯৫ |
২০১২ (জুন ২২) | ৫৭.১৫[3] |
২০১৩ (মে’ ১৫) | ৫৪.৭৩[4] |
২০১৩ (ছেপ্টেম্বৰ ১২) | ৬২.৯২[5] |
২০১৪ (জানুৱাৰী ১) | ৬২.৩[6] |
২০১৪ (ডিচেম্বৰ ৩০) | ৬৩.৭১৬[6] |
২০১৫ (জানুৱাৰী ৮) | ৬২.৫২ |
২০১৫ (জুলাই ২৬) | ৬৪.১১ |
২০১৬ (মাৰ্চ ১০) | ৬৭.৪৬[7] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.