ৰাজনৈতিক দল From Wikipedia, the free encyclopedia
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) (ইংৰাজী: Indian National Congress (Organisation) বা Congress (O)) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।[1]
১৯৬৯ৰ ১২ নবেম্বৰত দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হয় আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দী দল এটা গঠন কৰাত কংগ্ৰেছ দলটো দুই ভাগত বিভক্ত হৈ যায়। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৭০৫জন সদস্যৰ ৪৪৬জনেই গান্ধীৰ দলত যোগ দিয়ে।[2] ইন্দিৰাপন্থী বিভাজিত অংশটোক কংগ্ৰেছ (আৰ) নামেৰ পৰিচিত হ'ল; য'ত ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। আনহাতে কংগ্ৰেছৰ মূল অংশটো পৰিচিত হ’ল, ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) বা চমুকৈ কংগ্ৰেছ (ও) নামেৰে। এসময়ত ধেমেলীয়াকৈ মূল কংগ্ৰেছ গোটটোক ‘চিণ্ডিকেট’ (Syndicate) আৰ ইন্দিৰাপন্থী গোটটোক ‘ইণ্ডিকেট’ (Indicate) বুলি উল্লেখ কৰা হৈছিল। প্ৰথমে কে কামৰাজ আৰু পিছলৈ মোৰাৰজী দেশায়ে কংগ্ৰেছ (ও)-ৰ নেতৃত্ব দিয়ে।[1]
কংগ্ৰেছ (ও)-ই ভোলা পাচৱান শাস্ত্ৰীৰ নেতৃত্বত বিহাৰত, বীৰেন্দ্ৰ পাতিলৰ নেতৃত্বত কৰ্ণাটকত হিতেন্দ্ৰ কে. দেশাইৰ নেতৃত্বত গুজৰাটত চৰকাৰ গঠন কৰে। জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৫ৰ পৰা ১৯৭৬লৈ গুজৰাটৰ বাবুভাই জে পেটেলৰ জনতা মৰ্চা চৰকাৰৰো অন্যতম অংশীদাৰ আছিল কংগ্ৰেছ (ও)। ১৯৭১ৰ সাধাৰণ নিৰ্বাচনত ১০% ভোট শ্বেয়াৰিঙেৰে লোকসভাৰ ১৬খন আসনত কংগ্ৰেছ (ও) বিজয়ী হোৱাৰ বিপৰীতে ইন্দিৰাপন্থী কংগ্ৰেছে ৪৪% ভোটেৰে ৩৫২খন আসনত বিজয় সাব্যস্ত কৰে।[3] নিৰ্বাচন হৈ যোৱাৰ পিছত নিৰ্বাচন আয়োগে ইন্দিৰাপন্থী কংগ্ৰেছক মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে।[1]
১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ও)-ই জনতা মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হয়। পিছে এইটো নিৰ্বাচনত দলটোৱে ভাল ফল দেখুৱাব নোৱাৰিলে। পূৰ্বৱৰ্তী নিৰ্বাচনত লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত কংগ্ৰেছ (ও)-ই মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।[4] নিৰ্বাচনৰ পিছত এই একেটা বছৰতে ভাৰতীয় লোকদল, ভাৰতীয় জনসংঘ, ছোচিয়েলিষ্ট পাৰ্টি, স্বতন্ত্ৰ পাৰ্টি তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নবগঠিত জনতা পাৰ্টিত চামিল হৈ যায়।[5][6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.