কুমাৰ স্বামী কামৰাজ নাদাৰ
ভাৰতীয় ৰাজনীতিবিদ From Wikipedia, the free encyclopedia
কুমাৰা স্বামী কামৰাজ নাদাৰ (ইংৰাজী: Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল। সাধাৰণ পৰিয়ালৰ পৰা অহা স্কুলীয়া শিক্ষা-দীক্ষাত আগবাঢ়িব নোৱাৰা ব্যক্তি এজনে সমাজ সংগঠনৰ দিশত যি কৃতিত্ব আৰু সাফল্য প্ৰদৰ্শন কৰিছিল-সেয়া আদৰ্শ হৈ ৰল। ১৯৫৪ চনত তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ ইংৰাজী ভাষাৰ প্ৰতি অকণো মোহ নাছিল।[1]
কুমাৰা স্বামী কামৰাজ নাদাৰ கு. காமராஜ் | |
---|---|
![]() | |
Member of Parliament (Lok Sabha) for Nagercoil | |
কাৰ্যকাল 1967–1975 | |
পূৰ্বসূৰী | A. Nesamony |
উত্তৰসূৰী | Kumari Ananthan |
সমষ্টি | Nagercoil |
Member of Tamil Nadu Legislative Assembly for Sattur | |
কাৰ্যকাল 1957–1967 | |
পূৰ্বসূৰী | S. Ramaswamy Naidu |
উত্তৰসূৰী | S. Ramaswamy Naidu |
সমষ্টি | Sattur |
Member of Tamil Nadu Legislative Assembly for Gudiyatham | |
কাৰ্যকাল 1954–1957 | |
পূৰ্বসূৰী | Rathnaswamy and A. J. Arunachala Mudaliar |
উত্তৰসূৰী | V. K. Kothandaraman and T. Manavalan |
সমষ্টি | Gudiyatham |
Chief Minister of the Madras State (Tamil Nadu) | |
কাৰ্যকাল 1954–1963 | |
পূৰ্বসূৰী | C. Rajagopalachari |
উত্তৰসূৰী | M. Bhakthavatsalam |
Member of Parliament (Lok Sabha) for Srivilliputhur | |
কাৰ্যকাল 1952–1954 | |
পূৰ্বসূৰী | None |
উত্তৰসূৰী | S. S. Natarajan |
সমষ্টি | Srivilliputhur |
President of the Indian National Congress (Organisation) | |
কাৰ্যকাল 1967–1971 | |
পূৰ্বসূৰী | None |
উত্তৰসূৰী | Morarji Desai |
President of the Indian National Congress | |
কাৰ্যকাল 1963–1967 | |
পূৰ্বসূৰী | Neelam Sanjiva Reddy |
উত্তৰসূৰী | S. Nijalingappa |
President of the Madras Provincial Congress Committee | |
কাৰ্যকাল 1946–1952 | |
উত্তৰসূৰী | P. Subbarayan |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ জুলাই, ১৯০৩ Virudhunagar, Tamil Nadu, India |
মৃত্যু | ০২ অক্টোবৰ, ১৯৭৫ (৭২ বছৰ) Chennai, Tamil Nadu, India |
ৰাষ্ট্ৰীয়তা | Indian |
ৰাজনৈতিক দল | Indian National Congress |
স্বাক্ষৰ | ![]() |
জন্ম আৰু পৰিয়াল
কামৰাজ নাদাৰৰ জন্ম হয় ১৯০৩ চনৰ ১৫ জুলাই তাৰিখে ৰামনাদৰ বিৰুধুনাগাৰত। তেওঁৰ পিতাক এজন সাধাৰণ নাৰিকল ব্যৱসায়ী আছিল। কামৰাজৰ ছয় বছৰ বয়সতে তেওঁৰ পিতাকৰ মৃত্যু হৈছিল। তেওঁলোকৰ নিঠৰুৱা পৰিয়ালটোৱে মোমায়েকৰ আশ্ৰয়ত লালিত-পালিত হৈছিল। কামৰাজে সংসাৰ ধৰ্মত প্ৰৱেশ কৰা নাছিল।[1]
সংগ্ৰামী জীৱন
কুমাৰা স্বামী কামৰাজ নাদাৰে মাত্ৰ ওঠৰ বছৰ বয়সৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ ওলাই আহে। তেওঁৰ নিজৰ জিলাতে স্বাধীনতা সংগ্ৰমাৰ সেৱাত ব্ৰতী হয়। এই আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত তেওঁ সক্ৰিয় অংশ লোৱাত ব্ৰিটিছ কোপ নলত পৰে আৰু ইয়াৰ বাবে তেওঁ কেইবামাহো কাৰাবৰণ খাটিবলগীয়া হয়। ১৯৪০ চনত তেওঁ তামিলনাডু কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। এনেদৰে ১৯৪৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিভিন্ন বিষয় পদত অধিষ্ঠিত হয়। মাদ্ৰাজ বিধান সভাৰ তেওঁ কেইবাবাৰো সদস্য নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৩ চনৰ ৯ অক্টোৱৰত তেওঁ নিখিল ভাৰত জাতীয় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯৬৩ চনত কামৰাজে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলক মন্ত্ৰী পদৰ পৰা এৰুৱাই সংগঠনৰ কামত ব্ৰতী হবলৈ জৱাহৰলাল নেহেৰুক দিহা দিছিল। ইয়াকে কমাৰাজ আঁচিনি বুলি কোৱা হৈছিল।[1]
পুৰস্কাৰ প্ৰাপ্ত বঁটা
- ভাৰত ৰত্ন বঁটা (১৯৭৬),
মৃত্যু
কুমাৰা স্বামী কামৰাজ নাদাৰৰ ১৯৭৫ চনত পৰলোক প্ৰাপ্তি ঘটে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.