ব্যক্তিত্ব
জৈৱিক আৰু পৰিৱেশগত কাৰকৰ পৰা গঠিত আচৰণ, জ্ঞান আৰু আৱেগিক আৰ্হিৰ বৈশিষ্ট্যপূৰ্ণ সমষ্টি / From Wikipedia, the free encyclopedia
ব্যক্তিত্ব (ইংৰাজী: Personality) হৈছে জৈৱিক আৰু পৰিৱেশগত কাৰকৰ পৰা গঠিত আচৰণ, জ্ঞান আৰু আৱেগিক আৰ্হিৰ বৈশিষ্ট্যপূৰ্ণ সমষ্টি, আৰু যিবোৰ সময়ৰ লগে লগে সলনি হয়।[1][2] ব্যক্তিত্বৰ কোনো সাধাৰণভাৱে একমত সংজ্ঞা নাই যদিও বেছিভাগ তত্ত্বই কোনোবাই আগুৰি থকা পৰিৱেশৰ সৈতে প্ৰেৰণা আৰু মানসিক পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[3] ৰেমণ্ড কেটেলে সংজ্ঞায়িত কৰা বৈশিষ্ট্যভিত্তিক ব্যক্তিত্ব তত্ত্বই ব্যক্তিত্বক ব্যক্তিৰ আচৰণৰ ভৱিষ্যদ্বাণী কৰা বৈশিষ্ট্য হিচাপে সংজ্ঞায়িত কৰে। আনহাতে, অধিক আচৰণভিত্তিক পদ্ধতিয়ে শিক্ষণ আৰু অভ্যাসৰ জৰিয়তে ব্যক্তিত্বক সংজ্ঞায়িত কৰে। তথাপিও বেছিভাগ তত্ত্বই ব্যক্তিত্বক তুলনামূলকভাৱে সুস্থিৰ বুলি ভাবে।
ব্যক্তিত্বৰ মনোবিজ্ঞানৰ অধ্যয়নক ব্যক্তিত্ব মনোবিজ্ঞান বুলি কোৱা হয়, ইয়াত আচৰণৰ পাৰ্থক্যৰ আধাৰত থকা প্ৰৱণতাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়াস কৰা হৈছে। মনোবিজ্ঞানীসকলে ব্যক্তিত্বৰ অধ্যয়নৰ ক্ষেত্ৰত জৈৱিক, জ্ঞানমূলক, শিক্ষণ, আৰু বৈশিষ্ট্যভিত্তিক তত্ত্বসমূহৰ লগতে মনোগতিশীল, মানৱতাবাদী পদ্ধতিসমূহকে ধৰি বহুতো ভিন্ন পদ্ধতি গ্ৰহণ কৰিছে। ব্যক্তিত্ব অধ্যয়নৰ বাবে আজি ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহে এই ক্ষেত্ৰখনৰ প্ৰথম তত্ত্ববিদসকলৰ প্ৰভাৱ প্ৰতিফলিত কৰে, যিটো গোটত চিগমাণ্ড ফ্ৰয়েড, আলফ্ৰেড এডলাৰ, গৰ্ডন অলপ’ৰ্ট, হান্স আইচেংক, আব্ৰাহাম মাছল’, কাৰ্ল ৰজাৰ্ছ আদি অন্তৰ্ভুক্ত।