আচৰণ
এটা প্ৰণালীৰ ভিতৰত সত্তাসমূহৰ দ্বাৰা কৰা কাৰ্য্য / From Wikipedia, the free encyclopedia
আচৰণ বা আচাৰ বা ব্যৱহাৰ (ইংৰাজী: Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়।[1] আচৰণ হৈছে কোনো এটা প্ৰণালী অথবা জীৱই বিভিন্ন বাহ্যিক অথবা অভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূৰ্বক আদি উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্ৰিক সঁহাৰি।[2]