বেগ
From Wikipedia, the free encyclopedia
কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে[1] বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে তাক আমি স্থিৰ বেগত গতি কৰা বুলি ক’ম। স্থিৰ দিশে কোনো এক বস্তুৱে সৰলৰোখিক পথত গতি কৰাকে সাধাৰণতে বুজায়। কোনো এক বৃত্তীয় পথত প্ৰতি ঘণ্টাত ২০ কি. মি. দ্ৰুতিৰে গতি কৰা গাড়ী এখনৰ বেগক আমি সমবেগ বুলি ক’ব নোৱাৰো। বেগৰ সময়সাপেক্ষে হোৱা পৰিৱৰ্তনক ত্বৰণ বুলি কোৱা হয়। বেগ এটা ভৌতিক ভেক্টৰ, ইয়াক বৰ্ণনা কৰিবলৈ দিশ আৰু মান ওভয়ৰে প্ৰয়োজন। বেগৰ স্কেলাৰ মানকেই দ্ৰুতি বোলা হয়, দ্ৰুতিক এছ. আই.(আন্তৰ্জাতিক একক প্ৰণালী) মতে মিটাৰ প্ৰতি ছেকেণ্ড (m/s বা ms−১) এককত জোখা হয়। কোনো বস্তুৱে পাব পৰা সৰ্বোচ্চ দ্ৰুতি হৈছে পোহৰবেগ।
ঊদাহৰণস্বৰূপে, "৫ মি. প্ৰতি ছেকেণ্ড" হৈছে এটা স্কেলাৰ অন্যহাতেদি, "উত্তৰ দিশলৈ ৫ মি. প্ৰতি ছেকেণ্ড" বুলি ক’লে ইয়াক আমি এটা ভেক্টৰ বুলি বুজিম। কোনো সময় ত কোনো বস্তুৰ সৰণ আৰু বেগ ক তলৰ সমীকৰণেৰে বুজাব পাৰি,
সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বোলা হয়, (একক ms−২), ই কোনো বস্তুৰ গতিৰ দিশ বা দ্ৰুতিৰ পৰিৱৰ্তন বৰ্ণনা কৰে।