![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/Acceleration_as_derivative_of_velocity_along_trajectory.svg/langas-640px-Acceleration_as_derivative_of_velocity_along_trajectory.svg.png&w=640&q=50)
ত্বৰণ
From Wikipedia, the free encyclopedia
সময়ৰ লগত বেগৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত ত্বৰণ (ইংৰাজী: Acceleration) বুলি কোৱা হয়।[1] একমাত্ৰিক স্থানত, ত্বৰণ হৈছে বস্তু এটাৰ দ্ৰুতিৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ হাৰ। যিহেতু বেগ হ’ল এবিধ ভেক্টৰ, গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায়।[2][3] ত্বৰণৰ মাত্ৰা হৈছে L T −2। SI একক পদ্ধতিত, মিটাৰ প্ৰতি বৰ্গছেকেণ্ডত(m/s2) ত্বৰণ জোখা হয়। (ঋণাত্মক ত্বৰণৰ অৰ্থাৎ মন্থৰণৰ মাত্ৰা/একক ত্বৰণৰ সৈতে একে। )
সাধাৰণ ভাষাত, দ্ৰুতিৰ বৃদ্ধিকেই ত্বৰণেৰে বুজোৱা হয় (বেগৰ মান); আনহাতে দ্ৰুতিৰ হ্ৰাসকেই মন্থৰণ বুলি কোৱা হয়। পদাৰ্থ বিজ্ঞানত বেগৰ দিশৰ পৰিবৰ্তনৰ হাৰকো ত্বৰণ বুলি কোৱা হয়: ঘূৰ্ণনশীল গতিৰ ক্ষেত্ৰত বেগৰ দিশৰ পৰিবৰ্তনে অভিকেন্দ্ৰিক(কেন্দ্ৰৰফালে) ত্বৰণৰ সূচনা কৰে; আনহাতে দ্ৰুতিৰ পৰিবৰ্তনৰ হাৰে স্পৰ্শকীয় ত্বৰণৰ সূচনা কৰে।
ধ্ৰুপদী বলবিজ্ঞানত,এটা ধ্ৰুৱক ভৰৰ বস্তুৰ ত্বৰণ বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বলৰ সমানুপাতিক (নিউটনৰ দ্বিতীয় গতিসূত্ৰ):
য’ত, F- হ’ল বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা লব্ধবল, m- হৈছে বস্তুটোৰ ভৰ, আৰু a- হৈছে বস্তুটোৰ ত্বৰণ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/Acceleration_as_derivative_of_velocity_along_trajectory.svg/640px-Acceleration_as_derivative_of_velocity_along_trajectory.svg.png)
গড় ত্বৰণ হ’ল বেগৰ পৰিবৰ্তন(Δv) হৰণ সময়ৰ পৰিবৰ্তন (Δt)।
তাৎক্ষণিক ত্বৰণ হৈছে এক বিশেষ মুহূৰ্তত (সময়ত) জোখা ত্বৰণ, যি মুহূৰ্তত ক্ষুদ্ৰ সময়ৰ অনুবন্ধ Δt শূন্যলৈ আগবাঢ়ে।