বিছমিল্লাহ খান
ভাৰতীয় সংগীতজ্ঞ / From Wikipedia, the free encyclopedia
বিছমিল্লা খান (ইংৰাজী: Bismillah Khan, উৰ্দু: استاد بسم اللہ خان صاحب; ১৯১৬-২০০৬) এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল।[1] ছিয়া সম্প্ৰদায়ী মুছলমান যদিও বিছমিল্লা খান আছিল শিৱ আৰু সৰস্বতীৰ একান্ত সাধক।[2] তেওঁ ১৯৯৬ চনত এছিয় সংগীতানুষ্ঠান ৰোস্তম বঁটা লাভ কৰিছিল। তেওঁ নেপাল একাডেমী বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণৰে সন্মানিত কৰিছিল।[3]
ক্ষিপ্ৰ তথ্য বিছমিল্লা খান, প্ৰাথমিক তথ্য ...
বিছমিল্লা খান | |
---|---|
বিছমিল্লাহ খানৰ সংগীতানুষ্ঠান,১৯৬৪ চন | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | কুটুবুদ্দিন খান |
জন্ম | ২১ মাৰ্চ, ১৯১৬ |
মূল | ভাৰত |
মৃত্যু | ২১ আগষ্ট, ২০০৬ (৯০ বছৰ) |
সংগীতৰ প্ৰকাৰ | ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত |
পেচা | সঙ্গীতজ্ঞ |
বাদ্যযন্ত্ৰ | চেহনাই |
বন্ধ কৰক
এইজনা শিল্পীক ভাৰত চৰকাৰে ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে।[4] এম এছ চুব্বালক্ষ্মী আৰু ৰবি শংকৰৰ পিছত ভাৰত ৰত্ন সন্মান লাভ কৰা বিছমিল্লা খান তৃতীয়জন ভাৰতীয় দ্ৰুপদী সংগীতজ্ঞ।[4]