চেহনাই
From Wikipedia, the free encyclopedia
চেহনাই (ইংৰাজী: Shehnai) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পাৰম্পৰিক সুষিৰ বাদ্য। ইয়াক সাধাৰণতে কাঠৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ এটা মুৰত দুডাল দুটা ৰিডযুক্ত আৰু আনটো মুৰত ধাতু বা কাঠৰ চুপিৰ দৰে অংশ থাকে।[1] চেহনাই ধ্বনিয়ে শুভ আৰু পবিত্ৰতাৰ অনুভূতি সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত বিবাহ, শোভাযাত্ৰা আৰু মন্দিৰত ব্যাপকভাৱে চেহনাই ব্যৱহাৰ কৰা হয়। ইয়াক ৰাজহুৱা সংগীতানুষ্ঠানতো বজোৱা হয়। এইটো ৰাজকীয় দৰবাৰত বাদ্যযন্ত্ৰী সকলে ব্যৱহাৰ কৰা নটা বাদ্যৰ নউবাট বা পৰম্পৰাগত সংগতৰ অংশ আছিল। দক্ষিণ ভাৰতৰ নাদশ্বৰমৰ লগত চেহনাইৰ মিল আছে।[2][3]
ক্ষিপ্ৰ তথ্য সুষিৰ বাদ্য, আন নাম ...
সুষিৰ বাদ্য | |
---|---|
আন নাম | শ্বাহনাই, চেনাই, চাহানাই, চানাই, শ্বানাই |
শ্ৰেণী | ভাৰতীয় সুষিৰ বাদ্য |
আনুষঙ্গিক বাদ্য | |
পেঁপা, বাঁহী | |
বাদ্যযন্ত্ৰী | |
বিছমিল্লাহ খান, এছ. বলেশ, অনন্ত লাল, আলি আহমেদ হুছেইন খান |
বন্ধ কৰক