এজন ভাৰতীয় স্থাপত্যবিদ From Wikipedia, the free encyclopedia
বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ।[1] তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।[2] তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত হ'ল, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আৰু ইন্দোৰৰ কম খৰচী গৃহ উন্নয়ন যাৰ বাবে তেওঁ আগা খান স্থাপত্যবিদ্যা বঁটা লাভ কৰিছিল।[3] ২০১৮ চনত তেওঁ স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ সন্মান প্ৰিট্জকাৰ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় নাগৰিক।[4]
বালকৃষ্ণ দোশী | |
---|---|
জন্ম | ২৬ আগষ্ট, ১৯২৭ পুনে, মহাৰাষ্ট্ৰ |
মৃত্যু | ২৪ জানুৱাৰী, ২০২৩ (৯৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | জে. জে. স্কুল অফ আৰ্কিটেক্সাৰ, মুম্বাই |
পেচা | স্থাপত্যবিদ |
জনা যায় | ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আহমদাবাদ নি গোফা, আহমেদাবাদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ, ২০২০ পদ্মশ্ৰী, ১৯৭৬ অৰ্ডাৰ ডেছ আৰ্টছ ডেছ লেটাৰ্ছ, ২০১১ প্ৰিট্জকাৰ বঁটা, ২০১৮ |
১৯২৭ চনৰ ২৬ আগষ্টত মহাৰাষ্ট্ৰৰ পুনে চহৰত বালকৃষ্ণ দোশীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বিঠালদাস দোশী।[5] তাৰপিছত তেওঁ মুম্বাইৰ জে. জে. স্কুল অফ আৰ্কিটেক্সাৰত স্থাপত্যবিদ্যাৰ শিক্ষা গ্ৰহণ কৰে।
ড॰ বালকৃষ্ণ দোশীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.