![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Monasterio_Khor_Virap%252C_Armenia%252C_2016-10-01%252C_DD_25.jpg/640px-Monasterio_Khor_Virap%252C_Armenia%252C_2016-10-01%252C_DD_25.jpg&w=640&q=50)
পৰ্বত
From Wikipedia, the free encyclopedia
পৰ্বত হৈছে এক বৃহৎ ভূমিৰূপ যি এক সীমিত স্থানত চাৰিওফালৰ ভূমিৰ পৰা শৃংগৰ ৰূপত ওপৰলৈ উঠে।[1] এটা পৰ্বতক সাধাৰণতে পাহাৰতকৈ ওপৰৰ বুলি গণ্য কৰা হয়। পৰ্বতবোৰ টকেণ্টিক শক্তি বা ভূমিকম্পৰ ফলত সৃষ্টি হয়। এই শক্তিবোৰে স্থানীয়ভাৱে পৃথিৱীৰ পৃষ্ঠ বৃদ্ধি কৰিব পাৰে। নদী, জলবায়ু, আৰু গ্লেছিয়াৰৰ প্ৰভাৱত পৰ্বতবোৰ লাহে লাহে ক্ষয় হয়। কিছুমান পৰ্বত পৃথকে অকলশৰীয়াকৈ থাকে যদিও বেছিভাগেই বিশাল পৰ্বতমালাৰ গঠন কৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Monasterio_Khor_Virap%2C_Armenia%2C_2016-10-01%2C_DD_25.jpg/640px-Monasterio_Khor_Virap%2C_Armenia%2C_2016-10-01%2C_DD_25.jpg)
পৰ্বতৰ ওপৰত উচ্চ উচ্চতাৰ জলবায়ু সমুদ্ৰ স্তৰৰ জলবায়ুতকৈ শীতল। এই শীতল জলবায়ুৱে পৰ্বতৰ পৰিৱেশ শক্তিশালীভাৱে প্ৰভাৱিত কৰে: বিভিন্ন উচ্চতাত বিভিন্ন উদ্ভিদ আৰু প্ৰাণী থাকে। জলবায়ু আৰু দূৰ্গম স্থানৰ পৰিপেক্ষিতত পৰ্বত কৃষিৰ বাবে কম আৰু সম্পদ নিষ্কাশন তথা পৰ্বতাৰোহন, স্কীয়িং আদিৰ বাবে অধিক ব্যৱহাৰ কৰা হয়।
পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে এছিয়াৰ হিমালয়ৰ মাউণ্ট এভাৰেষ্ট। ইয়াৰ উচ্চতা হৈছে সাগৰীয় পৃষ্ঠৰ পৰা ৮,৮৫০ মিটাৰ (২৯,০৩৫ ফুট)। সৌৰজগতৰ সতলো গ্ৰহৰ ভিতৰত জ্ঞাত সৰ্বোচ্চ পৰ্বত হৈছে মঙ্গল গ্ৰহত অৱস্থিত “অলিম্পাছ মন্ছ” নামৰ এটা পৰ্বত, ইয়াৰ উচ্চতা ২১,১৭১ মি (৬৯,৪৫৯ ফুট)।