মেঘালয়ৰ জিলা From Wikipedia, the free encyclopedia
পূব খাছী পাৰ্বত্য (ইংৰাজী: East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।[1]
১৯৭৬ চনৰ ২৮ অক্টোবৰত খাছী পাৰ্বত্য জিলাক পূব আৰু পশ্চিম খাছী পাৰ্বত্য জিলা হিচাপে বিভক্ত কৰা হৈছিল। ১৯৯২ চনৰ ৪ জুনত পূব খাছী পাৰ্বত্য জিলাক পূব খাছী পাৰ্বত্য জিলা আৰু ৰি-ভৈ জিলা হিচাপে দুখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছিল।
শ্বিলং পূব খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ।
পূব খাছী পাৰ্বত্য জিলাখন আঠটা ব্লকত বিভক্ত:[2]
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
Khatarshnong Laitkroh | Mawjrong | ||
Mawkynrew | Mawkynrew | ||
Mawphlang | Mawphlang | ||
Mawryngkneng | Mawryngkneng | ||
Mawsynram | Mawsynram | ||
Mylliem | Mylliem | ||
Pynsursla | Pynsursla | ||
Shella Bholaganj | Cherrapunjee |
২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৮২৫,৯২২ জন,[1] যি প্ৰায় কমোৰস[3] ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ডকোটা[4] ৰাজ্যৰ সমান৷ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৭৮তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৯২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (760 /sq mi)৷[1] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৬৮% ।[1] ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০৮ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৪.৭% ৷[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.