মেঘালয়ৰ জিলা From Wikipedia, the free encyclopedia
ৰি-ভৈ (ইংৰাজী: Ri Bhoi) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ নংপ'হত অৱস্থিত। এই জিলাখনৰ আয়তন ২,৩৭৮ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫৮,৮৪০জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ ভিতৰত দক্ষিণ গাৰো পাৰ্বত্যৰ পিচতে দ্বিতীয়খন সৰ্বনিম্ন জনবহুল জিলা আছিল।[1]
১৯৯২ চনৰ ৪ জুনত জিলাখন মহকুমা পৰ্যায়ৰ পৰা এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰিছিল। এই ৰি-ভৈ জিলাখন পূব খাছী পাৰ্বত্যৰ পৰা গঠন কৰা হৈছিল।
ৰি-ভৈ জিলাখন ৯০°৫৫’১৫ ৰ পৰা ৯১°১৬’ অক্ষাংশ আৰু ২৫°৪০’ ৰ পৰা ২৫°২১’ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। জিলাখনৰ উত্তৰে আছে অসমৰ কামৰূপ জিলা, পূব দিশত জয়ন্তীয়া পাহাৰ আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে আছে পশ্চিম খাছী পাৰ্বত্য জিলা। জিলাখনৰ পাথাৰখ’মাহত তিনিটা চি এণ্ড আৰডি ব্লক (C&RD Block) আৰু এটা প্ৰশাসনিক গোট আছে আৰু গাঁৱৰ সংখ্যা হৈছে ৫৬১ খন। ৰি-ভৈ জিলাখনে ২৪৪৮ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে।
জিলাখনৰ মুখ্য কাৰ্যালয় ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা ৫৩ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ৫০ কিলোমিটাৰ দূৰত অৱস্থিত নংপ’হত অৱস্থিত৷
ৰি-ভৈ জিলাখন তিনিটা ব্লকত বিভক্ত:[2]
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
জিৰাং | ৱাহচিন’ন | ||
উমলিং | নংপ'হ | ||
উমচ্নিং | উমচ্নিং |
ৰি ভৈ জিলাৰ খাছীয়ান (ভৈ) লোকসকলৰ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠতাত প্ৰায় ৮৫% বাকী মিকিৰ ৭% আৰু অন্যান্য ৮% ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ২৫৮,৮৪০জন,[1] যি প্ৰায় ভানুয়াটু ৰাষ্ট্ৰৰ সমান৷[3] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৮০তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ১০৯ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (280 /sq mi)৷[1] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৪.০২% ।[1] ৰি ভৈত ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৫১গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৭৭.২২% ৷[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.