পুৰুষোত্তম দাস
অসমৰ গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো অসমৰ সংগীতশিল্পীজনৰ বিষয়ে। ভাৰতীয় স্বাধীনতা যুঁজাৰু আৰু ভাৰত ৰত্ন বঁটা বিজয়ী গৰাকীৰ বাবে পুৰুষোত্তম দাস টেণ্ডন চাওক।
পুৰুষোত্তম দাস (ইংৰাজী: Purushottam Das) অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেখেতৰ উদ্যোগতে দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, লোকগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।[1] তেখেতে অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল।