পুৰণি পুথি সংগ্ৰহ আৰু বিতৰণ
From Wikipedia, the free encyclopedia
সাধাৰণতে পাঠ্যপুথিবোৰ এজন ছাত্ৰৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ লগে লগে পুৰণি বুলি ভবা হয় আৰু তেনে কিতাপ বহুতেই হয় পেলাই দিয়ে বা পুৰণা কাগজ-পত্ৰ কিনা মানুহৰ ওচৰত বিক্ৰী কৰি দিয়ে৷ কিতাপৰ কাগজ পুৰণা হ’লেও তাৰ বিষয়বস্তু পুৰণা নহয়৷ এনে কিতাপ কেতিয়াবা আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বা ছাত্ৰছাত্ৰীৰ বাবে সহায়ক হয়৷ তেনে অৰ্থতেই সময়ে সময়ে পুৰণা কিতাপৰ সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰ কিছুমান গঢ়ি উঠে৷ পৃথিৱীৰ বিভিন্ন ঠাইত এনে কেন্দ্ৰ আছে৷
![]() | এই প্ৰবন্ধটোত সম্ভৱ মৌলিক গৱেষণা অন্তৰ্ভুক্ত হৈছে। |
ভাৰতত পুৰণা কিতাপৰ কেইবাখনো ডাঙৰ ডাঙৰ বজাৰ আছে৷ এই বজাৰবোৰত দেশ-বিদেশৰ বহু পুৰণা গ্ৰন্থ যথেষ্ট কম মূল্যত পোৱা যায়৷ পুৰণা আলোচনী, জীৱনী, উপন্যাস আদি সকলো প্ৰকাৰৰ কিতাপ এই বজাৰবোৰত পোৱা যায়৷ তেনে কেইখনমান বজাৰ হ’ল, দিল্লীৰ নাই চড়ক, বেড় চৰাই আৰু দৰিয়াগঞ্জ; বাংগালুৰুত এভেনো ৰোড; কলকাতাত কলেজ ষ্ট্ৰীট; মুম্বাইত ফৰ্ট; চণ্ডীগড়ত চেক্টৰ ১৫; হায়দৰাবাদত আবিদাচ দেওবৰীয়া কিতাপৰ বজাৰ আদি৷ [1] অসমতো বিভিন্ন গোট বা একক প্ৰচেষ্টাত সময়ে সময়ে এনে উদ্যোগ লৈ থকাৰ কথা জনা যায়৷ সাহিত্যিক হোমেন বৰগোহাঞিয়ে সাপ্তাহিক নীলাচলৰ সম্পাদকৰ পদ এৰি এজন বন্ধুৰ সহযোগত গুৱাহাটীৰ পাণবজাৰত এখন ’ছেকেণ্ড হেণ্ড’ কিতাপৰ দোকান দিছিল৷ সম্ভৱতঃ সেইখনেই অসমৰ প্ৰথম পুৰণি কিতাপৰ দোকান৷[2] ২০১১ এঘাৰ চনৰ পৰা গুৱাহাটীত ব্যক্তিগত উদ্যোগত “পবিন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী পুৰণি পাঠ্যপুথিৰ বিনামূলীয়া বিতৰণ আৰু সংগ্ৰহ কেন্দ্ৰ’’ এটাই অস্থায়ীভাৱে কাম কৰি থকাৰ পিছত বৰ্তমান গুৱাহাটীৰ মাধৱদেৱ পথ(VIP Road)ত শ্ৰীমন্ত শংকৰ নগৰৰ হাউচ নং ৫৭ত মেগজিন নামে স্থায়ী কেন্দ্ৰ স্থাপন কৰা হয়৷ এই কেন্দ্ৰত প্ৰতি দেওবাৰে পুৱা আঠ বজাৰ পৰা বাৰ বজালৈ কিতাপৰ সংগ্ৰহ আৰু বিতৰণ কৰা হয়৷[3][4][5] এনেধৰণে কিতাপ সংগ্ৰহ আৰু বিতৰণৰ কাম বহু দিনৰ পৰা আন অসমৰ এটা স্বেচ্ছাসেৱী সংগঠন “বটবৃক্ষ’’ই পুথি সংগ্ৰহ আৰু বিতৰণৰ কাম কৰি আহিছে৷ এই সংগঠনে বহু পিছপৰা ঠাইত পুথিভঁৰাল স্থাপন কৰিছে৷ ২০১৪ চনৰ পৰা গোলাঘাটৰ কাকডোঙা গাঁৱৰ অৰিন্দম গগৈ নামৰ এজন ব্যক্তিয়ে একক প্ৰচেষ্টাত “গ্ৰন্থযাত্ৰা’’ নামেৰে এই কাম কৰি আহিছে৷ [1] স্থায়ী বজাৰ গঢ়ি উঠা নাই যদিও অসমত আৰু অনেকে কিতাপ সংগ্ৰহ আৰু বিতৰণৰ কাম কৰি থকা বুলি বিভিন্ন উৎসৰ পৰা জনা যায়৷