পাটীগণিত
From Wikipedia, the free encyclopedia
পাটীগণিত (গ্ৰীক: Αριθμητική, জাৰ্মান: Arithmetik; ইংৰাজী: Arithmetic) হৈছে গণিতৰ তিনিটা বিশেষ শাখাৰ অন্যতম অংক তথা সংখ্যা গণনাৰ সৈতে জড়িত শাখা। ই গণিতৰ মৌলিক শাখা তথা ইয়াৰ পৰাই গণিত শিক্ষাৰ আৰম্ভণি হয়। প্ৰতিজন ব্যক্তিয়েই তেওঁৰ দৈনন্দিন জীৱনত পাটীগণিতৰ ব্যৱহাৰ কৰি আহিছে। যোগ, বিয়োগ, পূৰণ, হৰণ, দশমিক ইত্যাদি পাটিগণিতৰ অন্যতম কিছুমান প্ৰক্ৰিয়া।
কিছু ইতিহাসবিদসকলৰ মতে মানুহে পূৰ্বৰ পৰাই সামাজিক জীৱ হিচাপে পৰিচয় দি আহিছে তথা আগতে দল বান্ধি বাস কৰিছিল। সেই দলসমূহৰ মানুহৰ পৰিমাণ, বৃদ্ধি আৰু কমি যোৱা আদি গণনা কৰিবলৈ তেওঁলোকক অংকৰ প্ৰয়োজন হৈছিল। এই অংক গণনাৰ বাবে মানুহে নিজৰ আঙুলিবোৰকেই আধাৰ হিচাপে লৈছিল।[1] অংকৰ ইতিহাস সম্পৰ্কে নিচেই কম তথ্য পোৱা যায়। কিছুমানৰ মতে ১৮৫০ চনতো বেবিলনৰ নিবাসীসকল গণিতৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰে ভালদৰে পৰিচিত আছিল। ভাৰতত পাটিগণিতৰ জ্ঞান অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে আনকি বেদসমূহতো গণিতীয় প্ৰক্ৰিয়াৰ প্ৰয়োগ পোৱা যায়। শূন্য (০) ভাৰতৰে আবিষ্কাৰ।