![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2e/Divide20by4.svg/langas-640px-Divide20by4.svg.png&w=640&q=50)
হৰণ (গণিত)
From Wikipedia, the free encyclopedia
হৰণ (÷) হ’ল এটি পাটীগণিতীয় তথা বীজগণিতীয় ক্ৰিয়া (operation)। যদিহে cৰ bগুণ a ৰ সমান হয়, তেন্তে:
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2e/Divide20by4.svg/320px-Divide20by4.svg.png)
ইয়াত b যদি অশূন্য হয়, তেন্তে a ক b ৰে হৰণ কৰা বুলিলে c পোৱা যায় আৰু ইয়াক তলত দিয়া ধৰণে লিখা হয়:
- a ÷ b = c।
উদাহৰণস্বৰূপে,
- 6 ÷ 3 = 2 ,
কাৰণ
- 6 = 3 × 2।
a ÷ b = c ৰাশিটোত, a ক ভাজ্য বা লৱ, b ক ভাজক বা হৰ আৰু c ক ভাগফল বোলা হয়।
হৰণৰ লগত দুটা পৃথক অথচ পৰস্পৰ সম্পৰ্কীত ধাৰণা যুক্ত হৈ আছে: বিভাজন'' (Partitioning) আৰু ভাগফল (Quotative)। a মাত্ৰাৰ এটা থুপক b সংখ্যক সমান সমান ভাগত ভাগ কৰিলে একোটা ভাগৰ মাত্ৰা যদি c হয়, তেন্তে a ৰ পৰা b ৰ হৰণফল হ’ব c। আৰু a মাত্ৰাৰ এটা থুপক c মাত্ৰাৰ থুপলৈ ভাগ কৰিলে থুপৰ সংখ্যা b হ’লে a ৰ পৰা c ৰ হৰণফল হ’ব b।[1]
হৰণৰ পৰা ভগ্নাংশৰ ধাৰণা লাভ কৰা হয়। অখণ্ড সংখ্যাৰ সংহতিটো যোগ, বিয়োগ আৰু পূৰণৰ দৰে হৰণৰ সাপেক্ষে আৱদ্ধ (closed) নহয়। এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা হৰণ কৰিলে কেতিয়াবা একোটা ভাগশেষ (বা বাকী) পোৱা যায়। এই ভাগশেষক হৰণৰ কৰিবৰ বাবে সংখ্যা প্ৰণালীৰ ধাৰণাৰ প্ৰসাৰণ ঘটাই ভগ্নাংশ বা পৰিমেয় সংখ্যাৰ ধাৰণা যুক্ত কৰা হয়।