পৰিমেয় সংখ্যা
From Wikipedia, the free encyclopedia
পৰিমেয় সংখ্যা (ইংৰাজী: Rational numbers) ইয়াক ইংৰাজী 'Q' আখৰটোৰে বুজোৱা হয়। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q-টো কেতিয়াও 0(শূন্য) নহয়, তেনে সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে: ১/২, ২/৫, ১২/১৩ ইত্যাদি। [1]
প্ৰতিটো অখণ্ড সংখ্যা একো একোটা পৰিমেয় সংখ্যা, যিহেতু প্ৰতিটো অখণ্ড সংখ্যাক ভগ্নাংশ ৰূপত লিখিলে ইহঁতৰ লব সদায় ১(এক)। উদাহৰণ স্বৰূপে ৪(চাৰি) এটা পৰিমেয় সংখ্যা, ইয়াক ৪/১, ৮/২ ইত্যাদি ৰূপত প্ৰকাশ কৰিব পাৰি। প্ৰত্যেক পৰিমেয় সংখ্যাকে এটা আবৃত্ত দশমিকত প্ৰকাশ কৰিব পাৰি। (উদাহৰণ: ৩/৪ = ০.৭৫)বা ই নিৰবধি। অৰ্থাৎ দশমিকৰ পিছত ই একে আবৃত্ত সংখ্যাকে পুনৰাবৃত্তি কৰিব পাৰে। ৯/৪৪ = ০.২০৪৫৪৫৪৫৪৫...).[2]
যদি এটা বাস্তৱ সংখ্যা পৰিমেয় নহয়, তেন্তে ইয়াক অপৰিমেয় সংখ্যা বোলে।[3] অপৰিমেয় সংখ্যাৰ উদাহৰণ হৈছে: √২, π, e, আৰু φ. অপৰিমেয় সংখ্যাৰ দশমিক অংশৰ পুনৰাবৃত্তি নোহোৱাকৈ ই অসীমলৈ গতি কৰে। অপৰিমেয় সংখ্যাৰ সংহতিটো এটা সসীম সংহতি, বিপৰীতে বাস্তৱ সংখ্যাৰ সংহতিটো অসমী সংহতি। প্ৰায় সংখ্যক বাস্তৱ সংখ্যাই অপৰিমেয়।[1]