From Wikipedia, the free encyclopedia
পখালা (ওড়িয়া: ପଖାଳ) হৈছে ওড়িয়া লোকসকলৰ মাজত প্ৰচলিত পানীত ধুই বা সামান্য পৰিমাণে কিম্বন কৰা সিদ্ধ চাউলৰ এবিধ খাদ্য। ইয়াৰ তৰল ভাগটোক তোৰাণী (ওড়িয়া: ତୋରାଣି) নামেৰে জনা যায়।[1] ই ওড়িশাত জনপ্ৰিয়। ইয়াৰ অনুৰূপ খাদ্য পূব অঞ্চল যেনে ঝাৰখণ্ড, ছত্তীশগড়, বংগ, আৰু উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাত জনপ্ৰিয়।
প্ৰকাৰ | সাজা পখালা (নতুনকৈ ৰন্ধা ভাত), বাচি পখালা (পুৰণি ভাত), জিৰা পখালা (জিৰা ভাত), দহি পখালা (দৈ ভাত) |
---|---|
উৎপত্তিৰ স্থান | ভাৰতীয় উপমহাদেশ |
অঞ্চল | ওড়িশা |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | উৰিয়া ৰন্ধনশৈলী |
পৰিবেশনৰ উষ্ণতা | তপত আৰু শীতল |
মুখ্য উপাদান | সিজোৱা ভাত |
ভিন্ন প্ৰকাৰ | পঁইতা ভাত |
খাদ্য শক্তি (প্ৰতি পৰিবেশন) |
১০০ গ্ৰামত ৫২ কিলোকেলৰি |
পখালা সাধাৰণতে গৰমৰ দিনত খোৱা হয় যদিও বহুতে বছৰটোৰ যিকোনো সময়ত বিশেষকৈ দুপৰীয়াৰ আহাৰত ইয়াক খোৱা হয়। গৰম দিনত ই সতেজতা প্ৰদান কৰাৰ লগতে শৰীৰত থকা পুষ্টিকৰ উপাদানসমূহ পুনৰ ভৰাই তোলাৰ বাবে ই মানুহৰ মাজত জনপ্ৰিয়। ই এক পৰম্পৰাগত ওড়িয়া খাদ্য। ইয়াক চাউল, দৈ, তিয়ঁহ, জিৰা, ভজা পিঁয়াজ আৰু পদিনা পাতৰ সৈতে প্ৰস্তুত কৰা হয়। শুকানকৈ খোলাত দিয়া আলু, বেঙেনা আদি শাক-পাচলি বা ভজা মাছৰ সৈতেও ইয়াক পৰিবেশন কৰা হ।[2][3]
"পখালা" শব্দটো পালি শব্দ "পখালিতা" (ওড়িয়া: ପଖାଳିତା) আৰু সংস্কৃত শব্দ "প্ৰক্ষালন"ৰ (সংস্কৃত : प्रक्षालन) পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে "ধোৱা/প্ৰক্ষালন কৰা।" [4]
পূৱ ভাৰতৰ দৈনন্দিন খাদ্য তালিকাত প্ৰথম কেতিয়া পখালাক অন্তৰ্ভুক্ত কৰা হৈছিল সেয়া জনা নাযায় যদিও প্ৰায় দশম শতিকাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰন্ধন প্ৰণালীত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। পখালাৰ প্ৰথম প্ৰচলন ওড়িশাত যেন বোধ হয়। প্ৰতি বছৰে ওড়িশাত ২০ মাৰ্চ দিনটো পখালা দিবস হিচাপে পালন কৰা হয়। ভাৰত উপমহাদেশৰ পূব অংশতো (নেপাল আৰু ম্যানমাৰৰ কিছু অংশকে ধৰি) পখালাৰ প্ৰচলন আছে। অৰ্জুন দাসৰ গ্ৰন্থ কল্পলতাত (১৫২০-১৫৩০ খ্ৰীষ্টাব্দ) পখালা শব্দটো ব্যৱহাৰ কৰা হৈছিল।[5]
প্ৰস্তুতি অনুসৰি বিভিন্ন প্ৰকাৰৰ পখালাক কেইবাভাগতো ভগাব পাৰি।[6][7][8]
সাধাৰণতে পখালা ভাতৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰথমে ভাত ৰান্ধি ইয়াক ঠাণ্ডা হ'বলৈ দিয়া হয়। ইয়াৰ পিছত এটা বাটিত পানী ঢালি তাত ভাত দিয়া হয়। কেৰাহীত এচিকুট তেল গৰম কৰি সৰিয়হৰ গুটি, নৰসিংহ পাত, শুকান ৰঙা জলকীয়া দি ভালদৰে ভজা হয়। এইখিনি টেঙা দৈৰ সৈতে পখালাৰ বাটিটোত দিয়া হয়। কোনো কোনো সময়ত সোৱাদ বৃদ্ধিৰ বাবে পদিনা পাত আৰু কেঁচা নিমখ দিয়া হ'ব পাৰে। ইয়াক ভজা মাছ বা চুখুৱা পোড়া (শুকান মাছ ভজা), সাগা ভাজা, বড়ি চুৰা আদিৰ সৈতে পৰিৱেশন কৰা হয়। জিৰা ভাজি মিহিকৈ গুড়ি কৰি ধনীয়া পাত আৰু নিমখৰ সৈতে দৈত যোগ কৰা হয়। কেতিয়াবা মাছ ভজা আৰু পালেঙৰ সৈতে পৰিৱেশন কৰা হয়।[11]
পৰম্পৰাগতভাৱে পখালা হৈছে সামান্য কিম্বন কৰা ভাত। ভাত সিজাই তাত অলপ পুৰণি পখালা (গাখীৰ আৰু পুৰণি দৈ ব্যৱহাৰ কৰি দৈ বনোৱাৰ দৰে কিবা এটা) দি পানী দিয়া হয়। প্ৰস্তুত কৰাৰ ৮ৰ পৰা ১২ ঘণ্টাৰ পিছত পৰিৱেশন কৰিলে পখালাৰ সোৱাদ বেছি হয়। এই ক্ষেত্ৰত ভাতত পুৰণি পখালা যোগ কৰাৰ প্ৰয়োজন নহয়। পখালাৰ নিজস্ব সোৱাদ অলপ টেঙা। কিন্তু কেঁচা জলকীয়া, কেঁচা আম আৰু আদা বটা দি পখালাক অলপ জলা আৰু মিঠা সোৱাদ দিয়া হয়।
সাধাৰণতে পোৰা বা সিজোৱা আলু আৰু অন্যান্য ভজা শাক-পাচলি বা ভজা মাছ পখালাৰ সৈতে পৰিৱেশন কৰা হয়। বিভিন্ন আনুষংগিক খাদ্যৰ ভিতৰত দহি বাইগানা, কখাৰু ফুলা ভাজা (ৰঙালাও ফুলৰ ভাজি), আলু পিটিকা, ভজা মাছ, ভজা মিছামাছ, চুখুৱা (শুকান মাছ) আৰু সাগা ভাজা (জুইত পোৰা পাত -শাক) আদি থাকে।[6][4]
আধুনিক কালত এই খাদ্যবিধৰ প্ৰচাৰৰ বাবে ২০১১ চনৰ ২০ মাৰ্চ দিনটো পখালা দিবাছা বা পখালা দিৱস হিচাপে বিশ্বজুৰি ওড়িয়াসকলে উদযাপন কৰিবলৈ লয়।[12][13][14][15][16][17]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.