পৰম্পৰাগত অসমীয়া/ বাঙালী আহাৰ From Wikipedia, the free encyclopedia
পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থিতি দেখা যায়। খাদ্যৰ বিভিন্ন ভাগ সমূহ যেনে- সাত্বিক, ৰাজসিক আৰু তাম্ৰসিকৰ ভিতৰত পঁইতা ভাত তাম্ৰসিক খাদ্যৰ অন্তৰ্ভুক্ত।[1] মোগলৰ শাসনকালত সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্যসকলে আয়োজন কৰা মুকলি অনুষ্ঠানৰ অভ্যাগত দৰ্শক শ্ৰোতাবৃন্দক ঐতিহ্যবাহী পইতাভাত খুৱাইছিল(বা ভোজন কৰিছিল)।[2] পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।[3]
পঁইতা ভাতক নামনি অসমত ‘পন্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ ৰাজ্যসমূহত টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়।[4]
উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেণ্টেড কৰি ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়।[5]জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাই, আলু পিটিকা, বেহুৱা, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খোৱা হয়। পঁইতা ভাত বনাওতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে, অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে।
অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্য মতে-[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.