নীলিম কুমাৰ
অসমীয়া কবি আৰু চিকিৎসাবিদ From Wikipedia, the free encyclopedia
অসমীয়া কবি আৰু চিকিৎসাবিদ From Wikipedia, the free encyclopedia
নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি।[1] তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক। ১৯৮৪ চনৰ পৰা তেওঁৰ কবি জীৱন আৰম্ভ হয়। ১৯৯১ চনত পুষ্পাঞ্জলি গোস্বামী (ৰিজু)ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁৰ দুই কন্যা সন্তান, ফুটুকী আৰু মিচিকি।
নীলিম কুমাৰ | |
---|---|
জন্ম | ১৯৬১ পাঠশালা, বৰপেটা জিলা, অসম |
পেচা | চৰকাৰী চিকিৎসক, কবি আৰু ঔপন্যাসিক |
দাম্পত্যসঙ্গী | পুষ্পাঞ্জলী (ৰিজু) |
সন্তান | ফুটুকী, মিচিকি |
নীলিম কুমাৰৰ প্ৰথম কবিতা পুথি প্ৰকাশ হয় ১৯৮৫ চনত। ১৯৯৪ চনত প্ৰকাশিত “অপ্ৰজনন” নামৰ এটি কবিতাৰ বাবে তেওঁ চৰ্চালৈ আহে[2]। এতিয়ালৈ তেখেতে কুৰিৰো অধিক কাব্যগ্ৰন্থ ৰচনা কৰিছে। ইয়াৰ উপৰিও তেখেতে তিনিখন উপন্যাসো লিখিছে। তেওঁৰ এই সৃষ্টিৰ যোগেদি অসম তথা ভাৰতত সুনাম অৰ্জন কৰাৰ লগতে "উদয় ভাৰতী ৰাষ্ট্ৰীয় বঁটা"কে ধৰি কেইবাটাও পুৰস্কাৰো লাভ কৰিছে।[2] ফৰাচী, ইংৰাজী, হিন্দী, নেপালী, বঙালী, উড়িয়া, মাৰাঠী, গুজৰাটী, তামিল, কন্নড়, পঞ্জাবী আদি বিভিন্ন ভাষালৈ তেওঁৰ কবিতা অনুবাদ কৰা হৈছে।
২০০২ চনত অকবিতাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি তেওঁ বিতৰ্কত সোমাই পৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০৫ চনত তেখেতে ব্ৰহ্মপুত্ৰৰ পাৰত "কবি সন্মিলন" অনুষ্ঠিত কৰি আশীজন নতুন কবিক কবিতাৰ শিক্ষা দিয়ে। ২০০৬ চনত তেখেতে অসমত এখন "কবিতাৰ বিদ্যালয়" স্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে।[2] নীলিম কুমাৰৰ জনপ্ৰিয় কবিতা "ধুনীয়া তিৰোতাবোৰ"ৰ আধাৰত ২০১১ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.