From Wikipedia, the free encyclopedia
নাইজাৰ নদী (/ˈnaɪdʒər/ ny-jər; ফৰাচী: (le) fleuve Niger, উচ্চাৰণ: [(lə) flœv niʒɛʁ]) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4,180 km (2,600 মাইল)৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) 21,17,700 বৰ্গ কি.মি. (8,17,600 বৰ্গ মাইল) জুৰি বিস্তৃত হৈ আছে ৷[3] এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে প্ৰবাহিত হৈ আটলান্টিক মহাসাগৰত পৰিছেগৈ ৷ নাইজাৰ নদী নীলনদী আৰু কংগো নদীৰ পিছতে আফ্ৰিকাৰ তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী৷ ইয়াৰ প্ৰধান উপনৈখনৰ নাম বেনু নদী (Benue River)৷
নাইজাৰ নদী Fleuve Niger (Joliba, Orimiri, Isa Ber, Oya, gher n gheren) | |
The Niger at Koulikoro, Mali. | |
Name origin: Unknown. Likely From Berber for River gher | |
দেশসমূহ | Guinea, Mali, Niger, Benin, Nigeria |
---|---|
উপনৈ | |
- বাঁওদিশত | Sokoto River, Kaduna River, Benue River |
- সোঁদিশত | Bani River |
চহৰসমূহ | Tembakounda, Bamako, Timbuktu, Niamey, Lokoja, Onitsha |
উৎস | Guinea Highlands |
মোহনা | Atlantic Ocean |
- অৱস্থান | Gulf of Guinea, Nigeria |
দৈৰ্ঘ্য | ৪,১৮০ কিমি (২,৫৯৭ মাইল) |
অৱবাহিকা | ২১,১৭,৭০০ বৰ্গকিমি (৮,১৭,৬৪৯ বৰ্গমাইল) |
প্ৰবাহ | for Niger Delta |
- গড় | ৫,৫৮৯ ঘনমিটাৰ/ছেকেণ্ড (১,৯৭,৩৭৪ ঘনফুট/ছেকেণ্ড) [1] |
- সৰ্বোচ্চ | ২৭,৬০০ ঘনমিটাৰ/ছেকেণ্ড (৯,৭৪,৬৮৫ ঘনফুট/ছেকেণ্ড) [2] |
- সৰ্বনিম্ন | ৫০০ ঘনমিটাৰ/ছেকেণ্ড (১৭,৬৫৭ ঘনফুট/ছেকেণ্ড) |
নাইজাৰ নদী তুলনামূলভাৱে নিৰ্মল পানীৰ নদী, যিহেতু এই নদীয়ে নীলনদীৰ তুলনাত প্ৰায় এক দশমাংশ গেদ (sediment) কঢ়িয়ায়৷[4] নীলনদীৰ দৰেই এই নদীয়েও প্ৰতিবছৰে বানপানীৰ সৃষ্টি কৰে ৷ এই বানপানীৰ তীব্ৰতা নৱেম্বৰত সৰ্বোচ্চ হয় আৰু মে’ মাহলৈ কমি যায়৷[4]
নাইজাৰ নদীৰ এক ব্যতিক্ৰমী বৈশিষ্ট্য হৈছে ইয়াৰ ভিতৰৰ নাইজাৰ ব-দ্বীপ (Inner Niger Delta)৷ নাইজাৰ নদীৰ কোনো কোনো অংশত প্ৰৱণতা ( gradient) হঠাতে কমি যোৱাৰ ফলত এই ব-দ্বীপৰ সৃষ্টি হয়৷[4] ইয়াৰে ফলশ্ৰুতিত জুৰি, জলভূমি আৰু বেলজিয়ামৰ কালিৰ সমতুল্য হৃদৰ (region of braided streams, marshes, lakes) সৃষ্টি হয়৷ ঋতুকালীন বানৰ বাবে নাইজাৰ নদীৰ ব-দ্বীপসমূহ অতিকে উৰ্বৰা আৰু মৎস্য উদ্যোগ তথা খেতিৰ বাবে অতি উপযোগী৷[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.