From Wikipedia, the free encyclopedia
নাইজেৰিয়া ( ইংৰাজী : Nigeria) পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত।
নাইজেৰিয়া সংযুক্ত প্ৰজাতন্ত্ৰ |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "একতা আৰু বিশ্বাস, শান্তি আৰু উন্নতি" ("Unity and Faith, Peace and Progress") |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "এৰাইজ অ' কমপেত্ৰিয়টছ, নাইজেৰিয়াছ কল অবে" |
||||||
ৰাজধানী | আবুজা 9°10′N 7°10′E | |||||
বৃহত্তম নগৰ | লেগোছ | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজী ভাষা | |||||
চৰকাৰ | ৰাষ্ট্ৰপতি শাসিত কেন্দ্ৰীয় প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | মহম্মদু বুহাৰী অল প্ৰগেছিভছ কংগ্ৰেছ (নাইজেৰিয়া) | ||||
- | উপ- ৰাষ্ট্ৰপতি | য়েমী অশ্বিনবাজ' ( অল প্ৰগেছিভছ কংগ্ৰেছ )[1] | ||||
স্বাধীনতা | যুক্তৰাষ্ট্ৰৰ পৰা | |||||
- | ঘোষিত আৰু পৰিচিত | ১ অক্টোবৰ ১৯৬০ | ||||
- | গণতন্ত্ৰৰ ঘোষণা | ১ অক্টোবৰ ১৯৬৩ | ||||
- | জলভাগ (%) | ১.৪ | ||||
জনসংখ্যা | ||||||
- | ২০০৯ আনুমানিক | ১৫,৪৭,২৯,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' (৮তম) | ||||
- | ২০০৬ লোকপিয়ল | ১৪,০০,০৩,৫৪২ (Not approved & preliminary)'"`UNIQ--ref-০০০০০০০২-QINU`"' | ||||
- | ঘনত্ব | ১৬৭.৫ প্ৰতি বৰ্গকিমি (৭১তম) ৪৩৩.৮ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৯ আনুমানিক | |||||
- | মুঠ | $৩৩৩.৯৮ বিলিয়ন[2] (৩৭তম) | ||||
- | জনমুৰি | $২,১৯৯.০৭ (১৩৯তম) | ||||
জিনি সহগ? (২০০৩) | ৪৩.৭ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৫১১[3] (মধ্যম) (১৫৯তম) | |||||
মুদ্ৰা | নাইজেৰিয়ান নাইৰা (₦) (NGN ) |
|||||
সময় অঞ্চল | পশ্চিম আফ্ৰিকা সময় (West Africa Time) (ইউটিচি+১) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পালন কৰা নহয় (ইউটিচি+১) | ||||
ইণ্টাৰনেট টিএলডি | .ng | |||||
কলিং ক'ড | ++২৩৪ | |||||
1 Estimates for this country explicitly take into account the effects of excess mortality due to AIDS; this can result in lower life expectancy, higher infant mortality and death rates, lower population and growth rates, and changes in the distribution of population by age and sex than would otherwise be expected. ² The GDP estimate is as of 2006; the total and per capita ranks, however, are based on 2005 numbers. |
নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰে। বৰ্তমান দেশখন ৩৬টা ৰাজ্য আৰু কেন্দ্ৰীয় ৰাজধানী এলেকাৰে গঠিত। ১৯৬৬ চনৰ পৰা ১৯৯৯ চনলৈ দেশখন বিভিন্ন সময়ে সামৰিক শাসনৰ সন্মুখীন হৈছিল। ১৯৯৯ চনত দেশ খনত পুনৰবাৰ গণতন্ত্ৰ স্থাপন হয়।
নাইজেৰিয়া নাম দেশখনৰ মাজেৰে প্ৰৱাহিত নাইজাৰ নদীৰ পৰা আহিছে। এই নাম ঊনৈছ শতিকাৰ শেষৰ ফালে ফ্ল'ৰা শ্ব'য়ে গঠন কৰে। দেশখনৰ নাম সম্পৰ্কে আৰু কোনো তথ্য পোৱা নাযায়। ইউৰোপীয় উপনিৱেশবাদৰ পিছৰ পৰা তুয়াৰেগ শব্দৰ পৰিৱৰ্তে এই নাম ব্যৱহৃত হবলৈ ধৰে। [4][5]
নাইজেৰিয়াৰ মুঠ মাটিকালি 9,23,768 বৰ্গ কি.মি. (3,56,669 বৰ্গ মাইল)।[6] ই পৃথিৱীৰ ৩২তম বৃহৎ দেশ। ইয়াৰ উপকূলীয় সীমাৰেখাৰ দৈৰ্ঘ্য ৮৫৩ km.[7]
নাইজেৰিয়াৰ উচ্চতম স্থান হৈছে চাপ্পাল ৱাদ্দি ( 2,419 মিটাৰ (7,936 ফুট))। নাইজাৰ নদী আৰু বেণু নদী দেশখনৰ প্ৰধান নদী। এই দুখন নদীৰ মোহনাত নাইজাৰ ব-দ্বীপ অৱস্থিত। এই ব-দ্বীপ মধ্য আফ্ৰিকাৰ বিস্তৰ মেনগ্ৰ'ভ অৰণ্যৰ মুখ্য স্থান।
২০১২ চনৰ মতে নাইজেৰিয়াৰ ১০ লাখকতকৈ বেছি জনবসতি থকা চহৰ সমূহ হল :
চহৰ | জনসংখ্যা |
---|---|
লাগছ | ১,১৫,৪৭,০০০ |
কান' | ৩৪,৬৬,০০০ |
ইবাদান | ৩০,২৮,০০০ |
আবুজা | ২২,৪৫,০০০ |
পোৰ্ট হাৰকোৰ্ট | ১৯,৪৭,০০০ |
কাডোনা | ১৫,৬৬,০০০ |
বেনিন চিটি | ১৩,৯৮,০০০ |
জাৰিয়া | ১০,৭৫,০০০ |
Seamless Wikipedia browsing. On steroids.