দেৱিকা ৰাণী
ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম নাৰী ৰূপে জনাজাত। / From Wikipedia, the free encyclopedia
দেৱিকা ৰাণী (ইংৰাজী: Devika Rani; বঙালী: দেবিকা ৰাণী; জন্ম : ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু : ৯ মাৰ্চ, ১৯৯৪);[1] ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেওঁক ভাৰতীয় চিনেমা জগতৰ ‘ফাৰ্ষ্ট লেডী’ (প্ৰথম মহিলা) বুলি কোৱা হয়। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জৰিয়তে দেৱিকা ৰাণীয়ে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখনত তেওঁ কষ্টিউম ডিজাইনাৰ আৰু জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ‘কৰ্মা’ নামৰ ছবিখনত তেওঁ প্ৰথম বাৰৰ বাবে নায়িকা হিচাপে অভিনয় কৰে। দেৱিকাৰ অভিনয়ৰ দক্ষতা আৰু ব্যক্তিত্বই তেতিয়াৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁ জৱাহৰলাল নেহৰু আৰু সৰোজিনী নাইডুৰ দৰে ব্যক্তিৰ প্ৰশংসা লাভ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য দেৱিকা ৰাণী, জন্ম ...
দেৱিকা ৰাণী | |
---|---|
জন্ম | দেৱিকা ৰাণী চৌধুৰী মাৰ্চ ৩০ , ১৯০৮ মাদ্ৰাছ প্ৰেসিডেন্সি, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমানৰ বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশ) |
মৃত্যু | মাৰ্চ ৯ , ১৯৯৪ (৮৫ বছৰ) |
অন্য নাম | দ্য ড্ৰেগন লেডী |
সক্ৰিয় হৈ থকা সময় | ১৯২৫ - ১৯৪৩ |
দাম্পত্যসঙ্গী | হিমাংশু ৰায় (১৯২৯- ১৯৪০) স্বেতোস্লাৱ ৰোৰিক (১৯৪৫ - ১৯৯৩) |
বন্ধ কৰক