বাংলাদেশী চিত্ৰশিল্পী আৰু আধুনিক শিল্প আন্দোলনৰ পথ প্ৰদৰ্শক From Wikipedia, the free encyclopedia
জয়নুল আবেদিন (ইংৰাজী: Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চিত্ৰশিল্পী। ১৯৪৪ চনত ব্ৰিটিছ ঔপনিৱেশিক কালত বংগৰ কিছুমান দুৰ্ভিক্ষক চিত্ৰিত কৰা বাবে জয়নুল আবেদিন সুপৰিচিত হৈছিল। তেওঁ শিল্পাচাৰ্য হিচাপে সুপৰিচিত। ভাৰতীয় উপমহাদেশ বিভাজনৰ পিছত তেওঁ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)লৈ গুচি যায়। ১৯৪৮ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ত ইনষ্টিটিউট অৱ আৰ্টছ এণ্ড ক্ৰাফ্টছ (বৰ্তমান ফাইন আৰ্টছ অনুষদ) স্থাপন কৰাত সহায় কৰে।[1]ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁক এজন কিংবদন্তি বাংলাদেশী চিত্ৰশিল্পী আৰু কৰ্মী বুলি অভিহিত কৰিছে।[2] ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষ-বিষয়ক চিত্ৰকলাক তেওঁৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ ৰচনা হিচাপে গণ্য কৰা হয়। তেখেতৰ গৃহভূমিয়ে তেখেতৰ কলাত্মক আৰু দূৰদৰ্শী বৈশিষ্ট্যৰ বাবে "শিল্পাচাৰ্য" (বাংলা: শিল্পাচাৰ্য, কলাৰ মহান শিক্ষক) উপাধিৰে সন্মানিত কৰে।[3][4][5]তেওঁ বাংলাদেশৰ আধুনিক শিল্প আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে পৰিগণিত। .[6]
জয়নুল আবেদিন | |
---|---|
১৯৫৫ চনত জয়নুল আবেদিন | |
জন্ম | ২৯ ডিচেম্বৰ, ১৯১৪ কিশোৰগঞ্জ, বংগ, ব্ৰিটিছ ভাৰত (এতিয়া ঢাকা সংমণ্ডল, বাংলাদেশ) |
মৃত্যু | ২৮ মে', ১৯৭৬ (৬১ বছৰ) ঢাকা, বাংলাদেশ |
দেশ | বাংলাদেশী |
পেচা | চিত্ৰকলা আৰু অংকন |
প্ৰশিক্ষণ |
|
কৰ্মৰাজী |
|
বঁটা |
|
১৯১৪ চনৰ ২৯ ডিচেম্বৰত কিশোৰগঞ্জত জয়নুল আবেদিনৰ জন্ম হৈছিল। .[7] শৈশৱৰ বহুখিনি সময় তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা পাৰৰ ওচৰতে কটায়। ব্ৰহ্মপুত্ৰক পিছলৈ তেওঁৰ বহু চিত্ৰত দেখা যায়। [8]
১৯৩৩ চনত জয়নুল আবেদিনে কলিকতাৰ চৰকাৰী কলা বিদ্যালয়ত (বৰ্তমান ভাৰতৰ কলকাতা চৰকাৰী আৰ্ট এণ্ড ক্ৰাফ্ট মহাবিদ্যালয়) নামভৰ্তি কৰে। ইয়াত পাঁচ বছৰ ধৰি তেওঁ ব্ৰিটিছ/ ইউৰোপীয় শৈক্ষিক শৈলী শিকিছিল আৰু পিছলৈ তেওঁ স্নাতক হোৱাৰ পিছত একেখন বিদ্যালয়ৰ অধ্যাপকৰ পদত যোগদান কৰিছিল। বিদ্যালয়খনৰ পৰা প্ৰথম শ্ৰেণীৰ ডিষ্টিংছন লাভ কৰা তেওঁ প্ৰথমজন মুছলমান ছাত্ৰ। .[9] ১৯৪৮ চনত তেওঁ দুই-এজন সহকৰ্মীৰ সহায়ত ঢাকাত এখন কলা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। তেতিয়া চহৰখনত কোনো কলা প্ৰতিষ্ঠান নাছিল। খুব কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠানটোক পাকিস্তানৰ শ্ৰেষ্ঠ কলা প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়। তেওঁ কিছুদিন পাকিস্তান চৰকাৰৰ লগত কাম কৰিছিল।[10] তেওঁ প্ৰতিষ্ঠানত অধ্যাপনাও কৰিছিল। তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছিল পাকিস্তানী শিল্পী মনছুৰ ৰাহি, [11] আৰু বাংলাদেশী শিল্পী মনিৰুল ইছলাম[12], মহম্মদ কিব্ৰিয়া আদি।[13]
লণ্ডনৰ স্লেড স্কুল অৱ ফাইন আৰ্টৰ পৰা দুবছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নতুন শৈলী আৰম্ভ কৰে। এই শৈলীৰ নাম আছিল-‘বাঙালী শৈলী’, যাৰ মূল বৈশিষ্ট্য আছিল: জ্যামিতীয় আকৃতিৰ সৈতে লোকৰূপ, কেতিয়াবা অৰ্ধ-বিমূৰ্ত প্ৰতিনিধিত্ব, আৰু প্ৰাথমিক ৰঙৰ ব্যৱহাৰ।[14][15]
জয়নুল আবেদিনৰ সকলো সৃষ্টিৰ ভিতৰত ১৯৪০ চনৰ দুৰ্ভিক্ষৰ অংকনবোৰ সবাতোকৈ উল্লেখযোগ্য। ১৯৪৪ চনত প্ৰদৰ্শিত তেওঁৰ দুৰ্ভিক্ষৰ চিত্ৰকলাসমূহে তেওঁলৈ অধিক প্ৰশংসা কঢ়িয়াই আনিছিল। ১৯৪৩ চনত বংগৰ মহা দুৰ্ভিক্ষৰ সময়ত অনাহাৰে থকা জনসাধাৰণৰ দুৰ্বিষহ পৰিস্থিতিয়ে তেওঁৰ হৃদয় চুই গৈছিল। তেওঁ পথৰ কাষত মৃত্যুমুখত পৰা অনাহাৰে থকা লোকসকলক চিত্ৰিত কৰিছিল।[1][16]
তেওঁ সান্তাল মানুহৰ আধুনিকতাবাদী চিত্ৰ নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "দুগৰাকী সান্তালী মহিলা।" [17]
১৯৭০ চনত তেওঁ ছিৰিয়া আৰু জৰ্ডানৰ পেলেষ্টাইনী শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু তাত থকা শৰণাৰ্থীসকলৰ ৬০–৭০খন চিত্ৰ অংকন কৰে।[18] ১৯৭০ চনত পূব পাকিস্তানক বিধ্বস্ত কৰা ভোলা ঘূৰ্ণীবতাহৰ ছবিও তেওঁ অংকন কৰিছিল।[10]
তেওঁ পূব পাকিস্তানৰ বাংলা ভাষা আন্দোলনৰ সৈতে জড়িত আছিল।[2] ইয়াৰোপৰি তেওঁ বাংলাদেশৰ মুক্তিযুদ্ধ আন্দোলনৰ লগতো জড়িত আছিল। পাকিস্তান চৰকাৰৰ দ্বাৰা প্ৰান্তীয়কৃত বঙালী পৰিচয় পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ হোৱা সাংস্কৃতিক আন্দোলনৰ তেওঁ অগ্ৰগণ্য ব্যক্তি আছিল। ১৯৬৯ চনত জয়নুল আবেদিনে চীনৰ চিয়াঁহী, জলৰঙ আৰু মম ব্যৱহাৰ কৰি নবান্না নামেৰে এখন স্ক্ৰল আঁকিছিল। চলি থকা অসহযোগ আন্দোলনক উদযাপনৰ হেতু ইয়াক অঁকা হৈছিল।[8]
১৯৭৪ চনত তেওঁ ভাৰতৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অনাৰেৰী ডক্টৰ অৱ লেটাৰ্ছ ডিগ্ৰী লাভ কৰে।[19] ১৯৭৫ চনত তেওঁ নাৰায়ণগঞ্জৰ সোণাৰগাঁৱত লোক কলা সংগ্ৰহালয় আৰু মৈমেনসিংহত নিজৰ কৰ্মৰাজিৰ এখন গেলেৰী জয়নুল আবেদিন সংগ্ৰহশালা প্ৰতিষ্ঠা কৰে।[20] ১৯৮২ চনত জয়নুল আবেদিন সংগ্ৰহশালাত ৰখা ৭০খন ছবিৰ ভিতৰত ১৭খন ছবি চুৰি হৈছিল। পিছত মাত্ৰ ১০খনহে উদ্ধাৰ হয়।
জয়নুল আবেদিনে জাহানাৰা আবেদিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[7]১৯৭৬ চনৰ ২৮ মে’ত হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ঢাকাত তেওঁৰ মৃত্যু হয়। Two faces আছিল তেওঁৰ শেষৰখন ছবি, যিখন তেওঁৰ মৃত্যুৰ কিছু সময়ৰ আগতে সম্পূৰ্ণ হৈছিল।[1] তেওঁক ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদৰ কাষত সমাধিস্থ কৰা হয়।[21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.