From Wikipedia, the free encyclopedia
পেলেষ্টাইন বা আনুষ্ঠানিকভাৱে পেলেষ্টাইন ৰাজ্য (State of Palestine), পশ্চিম এছিয়াৰ দক্ষিণ লেভেণ্ট অঞ্চল (Southern Levant region)ত অৱস্থিত এখন প্ৰদেশ। এই প্ৰদেশখন ১৯৮৮ চনৰ ১৫ নৱেম্বৰত প্ৰতিষ্ঠা হয় আৰু আনুষ্ঠানিকভাৱে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যন (পিএলঅ’)ৰ দ্বাৰা শাসিত। এই প্ৰদেশে পূব জেৰুজালেমকে ধৰি ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপক নিজৰ ভূখণ্ড হিচাপে দাবী কৰে কিন্তু সেই অংশ ১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধ (Six-Day War)ৰ সময়ৰ পৰাই ইজৰাইলৰ দখলত আছে।[7][8] ৱেষ্ট বেংকত ১৬৫ টা পেলেষ্টাইনী এনক্লেভ আছে যিবোৰ আংশিকভাৱে পেলেষ্টাইনী শাসনৰ অধীনত আছে। কিন্তু ২০০ টা ইজৰাইলী বসতিকে ধৰি বাকী সকলো অঞ্চল ইজৰাইলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। গাজা ষ্ট্ৰিপ পূৰ্বতে ইজিপ্টৰ দ্বাৰা শাসিত আছিল যদিও ১৯৬৭ চনত ইজৰাইলে এই অংশ দখল কৰে। ২০০৫ চনলৈকে এই অঞ্চলটো শাসন কৰি ইজৰাইলে তাৰ পৰা নিজৰ দাবী প্ৰত্যাহাৰ কৰে। ২০০৬ চনৰ পেলেষ্টাইনৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত হামাছে ক্ষমতা দখল কৰে। ইয়াৰ পিছৰে পৰা ইজৰাইল আৰু ইজিপ্টে গাজা ষ্ট্ৰিপ অৱৰোধ কৰি ৰাখিছে।
পেলেষ্টাইন প্ৰদেশ دولة فلسطين |
||||||
---|---|---|---|---|---|---|
|
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "فدائي" Fida'i"[1] "Fedayeen Warrior" |
||||||
![]() পেলেষ্টাইনে দাবী কৰা ভূখণ্ড (সেউজীয়া)
ইজৰাইলেও দাবী কৰা ভূখণ্ড (পাতল সেউজীয়া) All claimed territory is occupied by Israel. |
||||||
|
| |||||
বৃহত্তম নগৰ | গাজা মহানগৰ | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰবিক | |||||
জাতীয়তাসূচক বিশেষণ | পেলেষ্টিনিয়ান | |||||
চৰকাৰ | একক ৰাষ্ট্ৰ (Unitary state) অৰ্ধ-ৰাষ্ট্ৰপতি গণৰাজ্য (semi-presidential republic)[2] | |||||
- | ৰাষ্ট্ৰপতি | মেহমুদ আব্বাছ (Mahmoud Abbas) | ||||
- | প্ৰধানমন্ত্ৰী | Mohammad Shtayyeh | ||||
- | সংসদৰ অধ্যক্ষ | Aziz Dweik | ||||
Formation | ||||||
- | পেলেষ্টাইনৰ স্বাধীনতা ঘোষণাপত্ৰ (Palestinian Declaration of Independence) | ১৫ নৱেম্বৰ ১৯৮৮ | ||||
- | ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ ৬৭/১৯ | ২৯ নৱেম্বৰ ২০১২ | ||||
- | ইজৰাইলৰ সৈতে সাৰ্বভৌমত্ব বিবাদ | ইজৰাইলৰ সৈতে সাৰ্বভৌমত্ব বিবাদ।[3][4] | ||||
মাটিকালি | ||||||
- | মুঠ | ৬,০২০'"`UNIQ--ref-০০০০০০০৪-QINU`"' বৰ্গ কিমি (১৬৩) ২,৩২০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৩।৫'"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জনসংখ্যা | ||||||
- | 2023 আনুমানিক | ৫৪,৮৩,৪৫০'"`UNIQ--ref-০০০০০০০৬-QINU`"' (১২১st) | ||||
জিডিপি (পিপিপি) | 2023 আনুমানিক | |||||
- | মুঠ | $36.391 billion[5] (138th) | ||||
- | জনমুৰি | $6,642[5] (140th) | ||||
জিডিপি (নামমাত্ৰ) | 2021 আনুমানিক | |||||
- | মুঠ | $18.109 billion[5] (121st) | ||||
- | জনমুৰি | $3,464[5] (131st) | ||||
জিনি সহগ? (2016) | 33.7 | |||||
মানৱ উন্নয়ন সূচক (2019) | 0.708 (115th) | |||||
মুদ্ৰা |
|
|||||
সময় অঞ্চল | Palestine Standard Time (ইউটিচি+2) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | Palestine Summer Time (ইউটিচি+3) | ||||
তাৰিখ বিন্যাস | dd/mm/yyyy | |||||
গাড়ী চলোৱা হয় | right | |||||
ISO 3166 code | PS | |||||
ইণ্টাৰনেট টিএলডি | .ps | |||||
কলিং ক'ড | ++970 |
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৭ চনত ৰাষ্ট্ৰসংঘই বাধ্যতামূলক পেলেষ্টাইনৰ বাবে এক বিভাজন পৰিকল্পনা (Partition Plan) গ্ৰহণ কৰে। এই পৰিকল্পনা অনুসৰি স্বাধীন আৰব আৰু ইহুদী ৰাষ্ট্ৰ হিচাপে এক আন্তৰ্জাতিক জেৰুজালেম (internationalized Jerusalem) গঠনৰ পৰামৰ্শ দিয়া হয়।[9] এই বিভাজন পৰিকল্পনা ইহুদীসকলে গ্ৰহণ কৰিছিল যদিও আৰবসকলে নাকচ কৰিলে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই পৰিকল্পনাক ১৮১ নং প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰাৰ লগে লগে পেলেষ্টাইনত এক গৃহযুদ্ধ আৰম্ভ হয়[10] আৰু তাৰ ফলস্বৰূপে এই পৰিকল্পনা কাৰ্যকৰী নহ'ল।[11] ১৯৪৮ চনৰ ১৪ মে’ত ইজৰাইল ৰাষ্ট্ৰ স্থাপনৰ[12][13] [14]পিছদিনা চুবুৰীয়া আৰব দেশসমূহে পূৰ্বৰ ব্ৰিটিছ মেণ্ডেট (British Mandate) আক্ৰমণ কৰি ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধৰ সূত্ৰপাত কৰে।[15] [16] পিছলৈ আৰব লীগে ১৯৪৮ চনৰ ২২ ছেপ্টেম্বৰত ইজিপ্টৰ দখলত থকা গাজা ষ্ট্ৰিপত থকা সৰ্ব-পেলেষ্টাইন প্ৰটেক্টৰেট (All-Palestine Protectorate) শাসনৰ বাবে সৰ্ব-পেলেষ্টাইন চৰকাৰ (All-Palestine Government) গঠন কৰে। ট্ৰেন্সজৰ্ডান (Transjordan)ৰ বাহিৰে আন সকলো আৰব লীগৰ সদস্যই এই ৰাষ্ট্ৰক অনতিপলমে স্বীকৃতি দিয়ে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৩৮ খন ৰাষ্ট্ৰই পেলেষ্টাইনক স্বীকৃতি দিছে। যদিও সৰ্ব-পেলেষ্টাইন চৰকাৰৰ অধিকাৰক্ষেত্ৰই সমগ্ৰ বাধ্যতামূলক পেলেষ্টাইন (Mandatory Palestine)ক সামৰি লোৱা বুলি ঘোষণা কৰা হৈছিল,কাৰ্যকৰী ক্ষেত্ৰত এই চৰকাৰৰ শাসন কেৱল গাজা ষ্ট্ৰিপত সীমাবদ্ধ আছিল। ১৯৬৭ চনৰ জুন মাহত ছয়দিনীয়া যুদ্ধৰ সময়ত ইজৰাইলে ইজিপ্তৰ পৰা গাজা ষ্ট্ৰিপ আৰু চিনাই উপদ্বীপ, জৰ্ডানৰ পৰা ৱেষ্ট বেংক আৰু পূব জেৰুজালেম আৰু ছিৰিয়াৰ পৰা গোলান হাইটছ দখল কৰে।
১৯৮৮ চনৰ ১৫ নৱেম্বৰত আলজিয়াৰ্ছত পিএলঅ’ৰ অধ্যক্ষ হিচাপে ইয়াছেৰ আৰাফাট (Yasser Arafat)-এ পেলেষ্টাইনৰ স্বাধীনতা ঘোষণাপত্ৰ (Palestinian Declaration of Independence) জাৰি কৰি পেলেষ্টাইন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰে। ১৯৯৩ চনত অছলো চুক্তি (Oslo Accords) স্বাক্ষৰিত হোৱাৰ এবছৰৰ পাছত ৱেষ্ট বেংকৰ ১৬৫ টা এনক্লেভ আৰু গাজা ষ্ট্ৰিপক লৈ ক আৰু খ অঞ্চল শাসন কৰিবলৈ পেলেষ্টাইন ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ ( Palestinian National Authority-পিএনএ) গঠন কৰা হয়। শেহতীয়াকৈ হোৱা নিৰ্বাচনত (২০০৬) হামাছ পিএনএ সংসদৰ আগশাৰীৰ দল হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছত ইয়াৰ আৰু ফাটাহ দলৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু ২০০৭ চনত গাজা ষ্ট্ৰিপ হামাছে দখল কৰে।
পেলেষ্টাইন ৰাষ্ট্ৰই দাবী কৰা অঞ্চলসমূহ দক্ষিণ লেভেণ্ট( Southern Levant)ত অৱস্থিত। গাজা ষ্ট্ৰিপৰ পশ্চিমে ভূমধ্য সাগৰ, দক্ষিণে ইজিপট আৰু উত্তৰ আৰু পূবে ইজৰাইল আছে। ৱেষ্ট বেংকৰ পূবে জৰ্ডান আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে ইজৰাইল অৱস্থিত। এইদৰে পেলেষ্টাইন ৰাষ্ট্ৰই দাবী কৰা অঞ্চলটো গঠন কৰা দুয়োটা অঞ্চল ইজৰাইলে পৃথক কৰি ৰাখিছে। এই অঞ্চলসমূহে স্থলভাগৰ হিচাপত বিশ্বৰ ১৬৩ সংখ্যক বৃহত্তম দেশ হিচাপে গঠন কৰিব।[17]
পেলেষ্টাইনত ভালেসংখ্যক প্ৰাকৃতিক সমস্যা আছে; গাজা ষ্ট্ৰিপৰ সমস্যাসমূহৰ ভিতৰত মৰুভূমিকৰণ; পানীৰ লৱণীয়কৰণ; নলা পৰিশোধন; পানীৰ দ্বাৰা হোৱা ৰোগ; মাটিৰ অৱক্ষয়; আৰু ভূগৰ্ভস্থ জলসম্পদৰ অভাৱ আৰু প্ৰদূষণ আদি প্ৰধান। ৱেষ্ট বেংকতো ইয়াৰে প্ৰায়ভাগ সমস্যা আছে যদিও বৰ্তমানৰ ৰাজনৈতিক বিবাদৰ বাবে ইয়াত প্ৰৱেশ নিষিদ্ধ।[18]
এই অঞ্চলত তিনিটা প্ৰাকৃতিক অঞ্চল (ecoregion) পোৱা যায়: পূব ভূমধ্যসাগৰীয় কনিফাৰ–স্কলেৰ'ফিলাছ–বহল পাতৰ অৰণ্য (Eastern Mediterranean conifer–sclerophyllous–broadleaf forests), আৰব মৰুভূমি আৰু মেছ'পটেমিয়ান জোপোহা মৰুভূমি।[19]
পেলেষ্টাইনৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰো (Palestinian Central Bureau of Statistics,PCBS)ৰ মতে, ২০২১ চনৰ ২৬ মে'লৈকে পেলেষ্টাইনৰ জনসংখ্যা আছিল ৫,২২৭,১৯৩ জন।[20] পিচিবিএছৰ সভাপতি আলা ওৱাডে ২০২১ চনৰ শেষৰ ফালে ৫৩ লাখ জনসংখ্যা বুলি অনুমান কৰিছে।[21] ৬,০২০ বৰ্গ কিলোমিটাৰ (২,৩২০ বৰ্গমাইল) এলেকাত প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াত ঘনত্ব প্ৰায় ৮২৭ জন লোক।[22] ইয়াৰ তুলনাত ২০১৭ চনলৈকে বিশ্বৰ গড় জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ২৫ জন।[23]
Seamless Wikipedia browsing. On steroids.