ছিৰিয়া
From Wikipedia, the free encyclopedia
ছিৰিয়া (আৰবী: سوريّة Sūrriya or Sūrya), চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ (আৰবী:الجمهورية العربية السورية), দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত। ইজৰাইল তথা ইৰাকৰ মাজত স্থিত হোৱা বাবে ই মধ্যপ্ৰাচ্য এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ। ডামাস্কাছ ইয়াৰ ৰাজধানী। পূৰ্বতে ডামাস্কাছ উমৈয়দ খিলাফত আৰু মামলুক সাম্ৰাজ্যৰ ৰাজধানী আছিল।
ক্ষিপ্ৰ তথ্য ছিৰিয়ান আৰৱ গণতন্ত্ৰ, ৰাষ্ট্ৰভাষা (সমূহ) ...
ছিৰিয়ান আৰৱ গণতন্ত্ৰ | ||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত হোমাত এল ডিয়াৰ ভূমিৰ পালক |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ডামাস্কাছ 33°30′N 36°18′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰবী ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | ছিৰিয়ান | |||||
চৰকাৰ | ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ ১৯৬৩ চনৰ পৰা আপাতকালীন শাসন চলি আছে। |
|||||
- | ৰাষ্ট্ৰপতি | বশ্বৰ আল অসাদ | ||||
- | প্ৰধানমন্ত্ৰী | মহম্মদ নাজী আল অতৰি | ||||
স্বাধীনতা | ফ্ৰান্সৰ পৰা | |||||
- | প্ৰথম ঘোষণা | ছেপ্টেম্বৰ ১৯৩৬1 | ||||
- | দ্বিতীয় ঘোষণা | ১ জানুৱাৰী ১৯৪৪ | ||||
- | মান্যতা | ১৭ এপ্ৰিল ১৯৪৬ | ||||
মাটিকালি | ||||||
- | মুঠ | ১,৮৫,১৮০ বৰ্গ কিমি (৮৮তম) ৭১,৪৭৯ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.০৬ (১১১ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2007 আনুমানিক | ১,৯৪,০৫,০০০ (৫৫ তম) | ||||
- | ঘনত্ব | ১০৩ প্ৰতি বৰ্গকিমি (১১০ তম) ২৬৭ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৭ আনুমানিক | |||||
- | মুঠ | $৮৭.০৯ বিলিয়ন (৬৩ তম) | ||||
- | জনমুৰি | $৪,৮৮৮ (১১১ তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০০৭ 2007 আনুমানিক | |||||
- | মুঠ | $৩৭.৭৬ বিলিয়ন (৭৩ তম) | ||||
- | জনমুৰি | $১,৯৪৬ (১১৪ তম) | ||||
মানৱ উন্নয়ন সূচক (২০১৩) | ০.৬৫৮ (১১৮ তম) | |||||
মুদ্ৰা | ছিৰিয়ান পাউণ্ড (SYP ) |
|||||
সময় অঞ্চল | পূব ইউৰোপ মান সময়(EET) (ইউটিচি+২) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পূব ইউৰোপ মান সময়(EET) (ইউটিচি+৩) | ||||
ইণ্টাৰনেট টিএলডি | .sy | |||||
কলিং ক'ড | +৯৬৩ | |||||
1 | ফৰাচী ছিৰিয়ান স্বাধীনতা চুক্তি ১৯৩৬ ফ্ৰান্স চৰকাৰৰ মান্য নহয় |
বন্ধ কৰক
১৯৪৬ চনৰ এপ্ৰিল মাহত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত বাথ পাৰ্টিৰ প্ৰভুত্ব বিস্তাৰ হয়। ১৯৬৩ চনৰ পৰা ছিৰিয়াত অপাতকালীন আইন চলি আছে তাৰ বাবে ১৯৭০ চনৰ পৰা ইয়াৰ শাসন ভাৰ অসাদ পৰিয়ালৰ লোকে চলাই আছে। ছিৰিয়া গৃহ যুদ্ধৰ বাবে এক অস্থিৰ পৰিৱেশ বিৰাজ কৰি আছে। বৰ্তমান ছিৰিয়া বিশ্বৰ ভিতৰতে অন্যতম অশান্ত দেশ।