উত্তৰ এছিয়াৰ প্ৰজাতন্ত্ৰ From Wikipedia, the free encyclopedia
লেবানন, চৰকাৰী ভাবে লেবানন গণৰাজ্য, পশ্চিম এছিয়াৰ ভূমধ্যসাগৰৰ পূব পাৰত অৱস্থিত এখন ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ আৰু পূবত ছিৰিয়া আৰু দক্ষিণত ইজৰাইল দেশ অৱস্থিত। ভূমধ্যসাগৰৰ আৰু আৰৱৰ ভিতৰৰ ভাগৰ এই দেশখনৰ ইতিহাস সমৃদ্ধ আৰু মিশ্ৰিত। এই অঞ্চল পেলেষ্টাইনৰ অতি প্ৰাচীন প্ৰায় ২৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৫৩৯ খ্ৰীষ্টপূৰ্বৰ সংস্কৃতিৰ স্থল। কোনো কোনো পণ্ডিতৰ মতে ইয়াতেই লিপিৰ আৱিষ্কাৰ হৈছিল। তাৰপিছত ফাৰ্চী, ইউৰোপীয়, ৰোমান, আৰৱী, আৰু উছমানি তুৰ্কী সকলৰ দ্বাৰা শাসিত হোৱাৰ পিছত অৱশেষত লেবানন ফ্ৰান্সৰ অধীনত যায়। এই ঐতিহাসিক পৰিঘটনা সমূহৰ বাবেই দেশ খনৰ ধাৰ্মিক আৰু জাতীয় বৈচিত্ৰতাত চহকী।
লেবানন গণতন্ত্ৰ الجمهورية اللبنانية La République Libanaise Al-Jumhūriyyah al-Lubnāniyyah Lebanese Republic |
||||||
---|---|---|---|---|---|---|
|
||||||
নীতিবাক্য كلنا للوطن للعلى للعلم (আৰৱী ভাষা) "Nous sommes tous pour le pays, la sublimation et le drapeau!" (ফৰাচী ভাষা) "আমি আমাৰ দেশৰ বাবে, জাকত-জিলিকা আৰু পতাকা (We are all for the Country, the Sublime and the Flag!)" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত কুল্লুনা লিল' ৱাটান লিল উলা লিল আলম |
||||||
![]() |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | বেইৰুত 33°54′N 35°32′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী ভাষা ফ্ৰেন্স ভাষা |
|||||
জাতীয়তাসূচক বিশেষণ | লেবানিছ | |||||
চৰকাৰ | গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | মাইকেল চুলেইমান | ||||
- | প্ৰধানমন্ত্ৰী | চাদ হাৰীৰি | ||||
ফ্ৰান্সৰ পৰা স্বাধীনতা | ||||||
- | ঘোষণা | ২৬ নৱেম্বৰ ১৯৪১ | ||||
- | স্বীকীৰ্তি | ২২ নৱেম্বৰ ১৯৪৩ | ||||
মাটিকালি | ||||||
- | মুঠ | ১০,৪৫২ বৰ্গ কিমি (১৬৬ তম) ৪,০৩৫ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১.৬ (১৬৭ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | জুলাই ২০০৭ আনুমানিক | ৪০,৯৯,০০০ (১২৮তম) | ||||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||||
- | মুঠ | $২১.৪৫ বিলিয়ন (১০৩তম) | ||||
- | জনমুৰি | $৬,১০০ (৯০তম) | ||||
মানৱ উন্নয়ন সূচক (২০০৬) | ০.৭৭৪ (মধ্যম) (৭৮তম) | |||||
মুদ্ৰা | লেবানিছ লিৰা (LL) (LBP ) |
|||||
সময় অঞ্চল | পূব ইউৰোপীয়ান সময় (EET) (ইউটিচি+২) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পূব ইউৰোপীয়ান গ্ৰীষ্মকালীন সময় (EEST) (ইউটিচি+৩) | ||||
ইণ্টাৰনেট টিএলডি | .lb | |||||
কলিং ক'ড | +৯৬১ |
লেবাননৰ প্ৰায় ৬০% লোক মুছলমান। তাৰে ভিতৰত চিয়া আৰু চুন্নী সম্প্ৰদায়ৰ অনুপাত সমান। বাকী ৩৮% খ্ৰীষ্টিয়ান ধৰ্মৰ। ১৯৪৩ চনত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত একপ্ৰকাৰৰ গৃহযুদ্ধ চলিছিল আৰু ২০০৬ চনত ইজৰাইলৰ লগত এক যুদ্ধ হয়।
ইয়াত এক বিশেষ প্ৰকাৰৰ গণতান্ত্ৰীক চৰকাৰে শাসন কৰে। ইয়াৰ ৰাষ্ট্ৰপতি এজন খ্ৰীষ্টিয়ান, প্ৰধানমন্ত্ৰী এজন চুন্নী মুছলমান, নিৰ্বাচিত প্ৰতিনিধিৰ সভাৰ অধ্যক্ষ এজন চিয়া মুছলিম আৰু উপ-প্ৰধানমন্ত্ৰী এজন পৰম্পৰাগত গ্ৰীক ধৰ্মৰ। আৰৱী আৰু ফৰাচী ইয়াৰ চৰকাৰী ভাষা।
লেবাননত দুটা পৰ্বত শ্ৰেণী আছে। ইয়াৰ উপকূলীয় সীমাৰেখাও যথেষ্ট বেছি। লেবাননক প্ৰায়ে "মধ্যপ্ৰাচ্যৰ পদ্মৰাগ মণি" বুলি কোৱা হয়।
ইয়াত প্ৰায় ৪ মিলিয়ন লোকে বসবাস কৰে।[1] আনহাতে প্ৰায় ১৬ মিলিয়ন লেবানিছ মানুহ বিশ্বৰ আন আন প্ৰান্তত বাস কৰে। লেবাননৰ সংস্কৃতি ঘাইকৈ পাশ্চাত্য সভ্যতাৰ লগত মিল আছে। সেয়ে ইয়াক প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনভূমি বুলিও কোৱা হয়।
চিদাৰ গছ লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পৰ্বত-পাহাৰত যথেষ্ট পৰিমাণে এই গছ পোৱা যায়। লেবাননৰ মুঠ মাটিকালি ১০,৪৫২ বৰ্গ কিমি (৪,০৩৫ বৰ্গ মাইল), ইয়াৰে ১.৬% বা ১৬৭ বৰ্গ কিমি হৈছে জলভাগ। ২০০৭ চনৰ জুলাই মাহ অনুসৰি লেবাননৰ আনুমানিক জনসংখ্যা হৈছে মুঠ ৪,০৯৯,০০০।
লেবানন ছয়খন প্ৰশাসনিক অঞ্চলত বিভক্ত। এই ছয়খন প্ৰশাসনিক অঞ্চল আকৌ ২৫খন জিলাত ভাগ কৰা হৈছে। [2] জিলা সমূহ আকৌ কেইবাখনো পৌৰসভাত বিভক্ত কৰা হৈছে।
লেবানন এক সংসদীয় গণতন্ত্ৰ যত চৰকাৰৰ সৰ্বোচ্চ পদসমূহ আনুপাতিক হাৰে কিছু নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীৰ লোকৰ প্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত। সংবিধান অনুসৰি প্ৰতি ৪ বছৰ অন্তৰালত সংসদীয় নিৰ্বাচন হয়। আইনসভাই আগন্তুক ৬ বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। লেবাননৰ শেষ সংসদীয় নিৰ্বাচন ২০০৯ চনত আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন ২০০৮ চনত অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি আৰু আইনসভাই একত্ৰে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰে।
Seamless Wikipedia browsing. On steroids.