পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা From Wikipedia, the free encyclopedia
চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।[2]
Churahi | |
---|---|
𑚏𑚰𑚤𑚭𑚩𑚯, चुराही | |
Churahi written in Takri Script | |
থলুৱা অঞ্চল | Himachal Pradesh |
অঞ্চল | Chaurah, Saluni |
স্থানীয় ভাষিক |
সাঁচ:Sigfig[1] (2011)e25 |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Takri, Devanagari |
ভাষা সংকেত | |
ISO 639-3 | cdj |
𑚏𑚰𑚤𑚭𑚩𑚯 | चुराही | অসমীয়া লিপিত (সংস্কৃতৰ সমতুল্য বৰ্ণ ব্যৱহাৰ কৰি) | অসমীয়া ভাষাত অৰ্থ |
---|---|---|---|
𑚀𑚜𑚜𑚰 𑚢𑚳𑚩𑚘𑚰 𑚀𑚜𑚢𑚭 | अधधु मैहणु अधमा | অধধু মৈহণু অধমা | অল্পজ্ঞানীৰ মাত বেছি |
𑚆𑚅𑚖𑚯 𑚊𑚥 𑚑𑚙𑚤𑚱𑚖𑚭 | एऊडी कल जतरूडा | এঊডী কল জতৰূডা | কুকৰ্মই কুফল আনে |
𑚢𑚤𑚝𑚰 𑚙 𑚜𑚶𑚤𑚰𑚦 𑚚𑚴𑚪𑚭 𑚊𑚤𑚝𑚯 | मरनु त ध्रुव थॊड़ा करनी | মৰনু ত ধ্ৰুৱ থৌড়া কৰনী | মৃত্যু যেতিয়া আহিবই, ফাঁকি কিহৰ? |
𑚑𑚲𑚃 𑚊𑚭𑚥𑚱 𑚡𑚰𑚙𑚮𑚣𑚭 𑚙𑚲𑚃 𑚛𑚶𑚦𑚭𑚤𑚭 𑚡𑚲𑚪𑚮𑚣𑚴𑚤𑚱 | जेई कालू भुतिया तेई द्वारा भेड़ियोरू | জেঈ কালূ ভুতিয়া তেঈ দ্বাৰা ভেড়িয়োৰূ | কোনো ডাঙৰ বিপক আওকাণ কৰা |
এই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়।
এই ভাষাক অনেকে পাহাড়ী বা হিমাচলী বুলিও কয়। কোনো কোনোৱে এই ভাষাক ডোগ্ৰী ভাষাৰ উপভাষাও জ্ঞান কৰে। চুৰাহী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল, এই ভাষা শিশুৱে মাতৃভাষা হিচাপে নিশিকা হৈছে।[3]
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল, যিয়ে হিমাচল প্ৰদেশৰ অনেক ভাষাক প্ৰতিনিধিত্ব কৰিলেহেতেন।[4] কিন্তু তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ক্ষেত্ৰত কাম কৰি আহিছে।[5] ৰাজনৈতিক কাৰণত, এই ভাষাক হিন্দী ভাষাৰ উপভাষা গণ্য কৰা হয়,[6] যদিও চুৰাহী আৰু হিন্দী ভাষী দুজন লোকে ইজনে সিজনক বুজা কঠিন।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.