চাৰমিনাৰ
From Wikipedia, the free encyclopedia
চাৰমিনাৰ (lit. 'চাৰি মিনাৰ',ইংৰাজী: Charminar) হৈছে ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক। ১৫৯১ চনত নিৰ্মাণ কৰা এই সীমাচিহ্ন বা লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াক তেলেংগানাৰ প্ৰতীক ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে।[3] চাৰমিনাৰৰ দীঘলীয়া ইতিহাসত, ইয়াৰ ওপৰ মহলাত ৪২৫ বছৰতকৈও বেছি পুৰণি এটি মস্কোৰ অৱস্থিতিৰ উল্লেখ আছে। ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব বহন কৰাৰ লগতে এই ঐতিহ্য চিহ্নটো ইয়াৰ চাৰিওফালে থকা জনপ্ৰিয়, ব্যস্ত স্থানীয় বজাৰ সমূহৰ বাবেও জনাজাত আৰু ই হায়দৰাবাদৰ সঘনাই পৰ্যবেক্ষন কৰা পৰ্যটনথলী ৰূপে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চহৰখনৰ মুখ্য মছজিদ মক্কা মছজিদৰ ওচৰতে থকাৰ বাবে চাৰমিনাৰ ঈদ-উল-আধা, ঈদ-অল-ফিতৰ[4]আদি অসংখ্য উৎসৱ উদযাপনৰ স্থান ৰূপেও পৰিগণিত হৈছে।
চাৰমিনাৰ | |
---|---|
আকাশমাৰ্গৰ পৰা দেখা পোৱা চাৰমিনাৰৰ সৌন্দৰ্য | |
সাধাৰণ তথ্য | |
স্থান | হাইদৰাবাদ, তেলেংগানা, ভাৰত |
ভৌগোলিক স্থানাংক | 17°21′42″N 78°28′29″E |
ধৰ্মীয় আনুগত্য | ইছলাম |
ৰাজ্য | তেলেংগানা |
জিলা | হাইদৰাবাদ |
পৌৰসভা | জি এইচ এম চি |
অভিষেক বৰ্ষ | ১৫৯১ (৪৩৩ বছৰ আগতে) (1591) |
ঐতিহ্য বিৱৰণ | গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্মাৰক |
স্থপতিবিদ | মিৰ মমিন অষ্টৰাবাদি (Mir Momin Astarabadi)[1][2] |
স্থাপত্য শৈলী | ইণ্ডো-ইছলামিক স্থাপত্য |
প্ৰতিষ্ঠাতা | মহম্মদ কুলি কুটুব ছাহ (Muhammad Quli Qutb Shah) |
উচ্চতা (অধিক) | ৫৬ মিটাৰ (184 ফুট) |
মিনাৰ | চাৰি |
মিনাৰৰ উচ্চতা | ৪৮.৭ মিটাৰ (160 ফুট) |
নিৰ্মাণ সামগ্ৰী | গ্ৰেণাইট, চূণশিল, মৰ্টাৰ আৰু মাৰ্বল |
চাৰমিনাৰ মুচি নদীৰ পূব পাৰত অৱস্থিত।[5] পশ্চিমে লাৰ বজাৰ আৰু দক্ষিণ-পশ্চিমে সমৃদ্ধভাৱে অলংকৃত গ্ৰেনাইটৰ মক্কা মছজিদ অৱস্থিত। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা প্ৰস্তুত কৰা স্মাৰকসমূহৰ চৰকাৰী তালিকাত এক পুৰাতাত্ত্বিক আৰু স্থাপত্য সম্পদ হিচাপে চাৰমিনাৰক তালিকাভুক্ত কৰা হৈছে।[6]ইংৰাজী নামটো হৈছে উৰ্দু শব্দ chār আৰু minar বা meenarৰ অনুবাদ আৰু সংমিশ্ৰণ অৰ্থাৎ চাৰিটা স্তম্ভ।[7]