From Wikipedia, the free encyclopedia
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয় আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল।
গহপুৰ | |||
— মহকুমা — | |||
স্থানাঙ্ক | 26.88°N 93.63°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অসম | ||
জিলা | বিশ্বনাথ | ||
মহকুমাধিপতি | লুকুমণি বড়া, অ.অ.সে. | ||
জনসংখ্যা | 2,65,867 (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 69 m (226 ft) | ||
ক'ড
|
গহপুৰৰ পৌৰাণিক ইতিহাসৰ বিষয়ে বেছি তথ্য পোৱা নাযায়। এসময়ত উজনি অসমৰ উত্তৰ খোলৰ বিশবনাথৰ লৈকে চুতীয়া সকলৰ শাসন আছিল বুলি জনা যায়[1][2][3]।সেইবাবে ১৬ শতিকাৰ আগলৈকে গহপুৰ অঞ্চলটো চুতীয়া সকলৰ অধীনত আছিল বুলি ক'ব পাৰি। গহপুৰৰ পশ্চিমৰ অৰুণাচলৰ দাঁতি-কাষৰীয়া বুঢ়ৈ দূৰ্গ, নক্সা পৰ্বত, ইত্যাদি চুতীয়াৰ সৈনিক কোঠ আছিল বুলি জনা যায়[4]। আদি চৰিত আৰু বুৰঞ্জী সমূহত উল্লেখ থকাৰ মতে আহোম ৰজাই মধ্য অসমৰ ৰটা-টেমনিৰ বাৰ-ভূঞাসকলক উজনি লৈ আনি উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ গঠন কৰি(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল।[5][6]
গহপুৰ 26.88°N 93.63°E- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত।[7] গুৱাহাটী আৰু গহপুৰৰ মাজৰ দূৰত্ব পথেৰে ২৯৯ কিলোমিটাৰ আৰু ৰেলযোগে ২৬৬ কিলোমিটাৰ; আকাশী দূৰত্ব হৈছে ২০৮ কিমি। আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।
উত্তৰে- অৰুণাচল প্ৰদেশ
দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী
পূবে- লক্ষীমপুৰ জিলা
পশ্চিমে- বুৰৈ নদী
২০১১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ২,৬৫,৮৬৭ জন। গহপুৰ ৰাজহ চক্ৰৰ জনসংখ্যা ১,২১,৮৩০ জন হোৱাৰ বিপৰীতে হেলেম ৰাজহ চক্ৰৰ জনসংখ্যা ১,৪৪,০৩৭ জন। [8] গহপুৰ সমষ্টি বা মহকুমাত ছয়দুৱাৰ আৰু পূব-ছয়দুৱাৰ নামেৰে দুটা উন্নয়ন খণ্ড আছে আৰু প্ৰত্যেক উন্নয়ন খণ্ডত ১৭ খনকৈ গ্ৰাম পঞ্চায়ত আছে। ছয়দুৱাৰ উন্নয়ন খণ্ডত ২০৮খন ৰাজহ গাঁও আৰু পূব-ছয়দুৱাৰ উন্নয়ন খণ্ডত ২৩০ ৰাজহগাঁও আছে।[9]
৭২ নং গহপুৰ বিধানসভা সমষ্টি তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ। গহপুৰ বিধানসভা সমষ্টি বিশ্বনাথ জিলাৰ সীমান্ত পূবৰ হাৱাজানৰ পৰা পশ্চিমে বুৰৈলৈকে সামৰি লয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -
এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজড়িত স্থান আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.