From Wikipedia, the free encyclopedia
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত।
Swahid Mukunda Kakati High School, Halem শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয় | |
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগ "প্ৰজ্ঞাৰ সাধনাৰে আমি জগত পোহৰাম" We'll light up the world through habituation with mind power | |
অৱস্থান | |
---|---|
আমলখি দলনী গাঁও হেলেম চক্ৰ ভাৰতৰ উত্তৰ-পূর্বাঞ্চল হেলেম, বিশ্বনাথ জিলা, অসম, ৭৮৪১৭০, ভাৰত | |
প্ৰাথমিক তথ্যসমূহ | |
স্কু্লৰ প্ৰকাৰ | প্ৰাদেশীকৃত, সহ-শৈক্ষিক |
ধৰ্মীয় আনুগত্য | নাই |
স্থাপিত | ১৯৬৪ চন |
অৱস্থা | চলিত |
প্ৰধান শিক্ষক | মহেশ শৰ্মা |
শিক্ষক | ১৩ জন |
কৰ্মচাৰী | ২ জন |
শ্ৰেণী | ষষ্ঠৰ পৰা দশম শ্ৰেনী |
শিক্ষাদানৰ মাধ্যম | অসমীয়া |
প্ৰকাশনা | তৰ্পণ |
অন্তৰ্ভূক্তি | অসম মাধ্যমিক শিক্ষা পৰিষদ |
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয় | |||
— গাওঁ-আমলখিদলনী, পো:অ: হেলেম — | |||
স্থানাঙ্ক | 26.844559°N 93.474450°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অসম | ||
জিলা | বিশ্বনাথ জিলা | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 69 m (226 ft) | ||
ক'ড
|
হেলেম চাহ বাগিছাৰ পৰা অনুদানেৰে পোৱা ভূমিত অঞ্চলটোৰ কিছুসংখ্যক লোকৰ প্ৰচেষ্টাত ১৯৫৭ চনত হেলেম এম. ই স্কুল হিচাপে বিদ্যালয়খন প্ৰতিষ্ঠা হয় আৰু পাছত তাতেই ১৯৬৪ চনত হেলেম হাইস্কুললৈ বিদ্যালয় খন উন্নীত হয় ।
১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ এক কার্যসূচী অনুসৰি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ লোৱাৰ মুহূৰ্তত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেবতী মোহন সোমৰ নির্দেশত ব্ৰিটিছ ঔপনিবেশিক শাসকীয় পুলিছ বাহিনীৰ চিপাহীয়ে বৰঙাবাৰীৰ বীৰবালা কনকলতা বৰুৱাক গুলিয়াই নিহত কৰে। সোনকাণি গাঁৱৰ মুকুন্দ কাকতিয়ে কনকলতাৰ হাতৰ পৰা পৰিবলৈ ধৰা পতাকাখন পুনৰ তুলি ধৰিবলৈ চেষ্টা কৰে যদিও পুলিছ বাহিনীয়ে তেখেতক গুলিয়াই আহত কৰে। আহত কাকতিৰ সেই দিনাই সন্ধিয়া মৃত্যু হয়। স্বাধীনতা আন্দোলনত এই ধৰণে শ্বহীদ হোৱা মুকুন্দ কাকতিৰ চৰম ত্যাগক সোঁৱৰণ কৰি তেখেতৰ নামেৰে পৰবৰ্ত্তী সময়ত এই বিদ্যালয়খন নামাকৰণ কৰা হয়। ১৯৭৭ চনত বিদ্যালয়খন প্ৰাদেশীকৃত হয়।
অসমীয়া মাধ্যমৰ সহ-শৈক্ষিক বিদ্যালয় খনত ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। বিদ্যালয় খনত উচ্চ-প্ৰাথমিক আৰু মাধ্যমিকৰ ষষ্ঠ শ্ৰেনীৰ পৰা দশম শ্ৰেনী লৈকে পাঠদান কৰা হয়। বিদ্যালয়খনত দুপৰীয়াৰ আহাৰ আৰু খোৱা পানীৰ বাবে কুঁৱা আৰু দমকলৰ উপৰিও 'ৰাণিং ৱাটাৰ যুক্ত টেপ'ৰ ব্যৱস্থা আছে। বিদ্যালয়ৰ পুথিভঁৰালত বৰ্তমান ১০০০ খনৰ অধিক কিতাপ আছে বুলি জনা যায়।[1] বিদ্যালয়খনৰ "তৰ্পণ" নামেৰে এখন মুখপত্ৰ আৰু "ৰেঙণি" নামৰ এখন প্ৰাচীৰ পত্ৰিকা আছে।
২০১৬ চনৰ ২৪,২৫ আৰু ২৬ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তীভাগ উদ্ যাপন কৰা হয়। চিত্
সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি স্বৰ্ণজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হৈছিল।
চিত্
চিত্
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.