কল্কি
From Wikipedia, the free encyclopedia
কল্কি (সংস্কৃত: कल्कि ) বা কলকিন[5] হৈছে বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ। বৈষ্ণৱ ব্ৰহ্মাণ্ডতত্ত্ব অনুযায়ী অন্তহীন অস্তিত্ব চক্ৰৰ (কৃত) চাৰিটা সময়ৰ ভিতৰত অন্যতম কলিযুগৰ অন্ত পেলাবলৈ তেওঁৰ আবিৰ্ভাৱ হোৱা বুলি বৰ্ণনা কৰা হৈছে। কোৱা হৈছে যে কলিযুগৰ শেষত কল্কিৰ দ্বাৰা অস্তিত্বৰ চক্ৰত সত্যযুগৰ পুনৰ সূচনা হ’ব।[5]
ক্ষিপ্ৰ তথ্য কল্কি, সম্পৰ্ক ...
কল্কি | |
---|---|
দশাৱতাৰ-ৰ সদস্য | |
কল্কিৰ চিত্ৰ, ৰাজা ৰবি বৰ্মা | |
সম্পৰ্ক | বৈষ্ণৱ ধৰ্ম |
অস্ত্ৰ | নন্দক বা ৰত্নমৰু (তৰোৱাল) |
পিতৃ-মাতৃ | বিষ্ণুযশ (পিতৃ),[1] সুমতি (মাতৃ)[2] |
সন্তান | জয় আৰু বিজয়[3] মেঘমালা আৰু বলহক[4] |
বাহন | দেৱদত্ত, গৰুড়ৰ এক অৱতাৰ বা দৈৱিক ঘোঁৰা[5][6][7] |
উৎসৱ | কল্কি জয়ন্তী[8] |
বন্ধ কৰক
পুৰাণত কল্কিক হাতত অগ্নিৰে সজ্জিত তৰোৱাল লৈ শুকুলা ঘোঁৰাত উঠি অধৰ্ম দূৰ কৰিবলৈ আটাইতকৈ অন্ধকাৰ আৰু ধ্বংসাত্মক সময়ছোৱাৰ অন্ত পেলাই সত্যযুগৰ সূচনা কৰি অস্তিত্বক সজীৱ কৰি তোলা অৱতাৰ হিচাপে বৰ্ণনা কৰা হৈছে। বিভিন্ন পুৰাণৰ মাজত কল্কিৰ বৰ্ণনা আৰু বিৱৰণ ভিন্ন হোৱা দেখা যায়। বৌদ্ধ গ্ৰন্থসমূহতো কল্কিৰ উল্লেখ পোৱা যায়।[9][10][11]
কল্কি অৱতাৰৰ বিষয়ে শিখ গ্ৰন্থতো ভৱিষ্যদ্বাণী কৰা হৈছে।[12]