কলা
From Wikipedia, the free encyclopedia
দৃশ্যমান বা অদৃশ্য কোনো ভাবৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্য এনে শিল্পকলাৰ অজস্ৰ ৰূপ বিদ্যমান। চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, ছাপচিত্ৰ, আলোকচিত্ৰ ইত্যাদিত দৃশ্য মাধ্যম ক্ষেত্ৰত সৃষ্ট চিত্ৰ বা বস্তু সম্পৰ্কীয় আলোকপাত কৰা হয়। সাধাৰণ দৃশ্যমান জগতত আমি অভিজ্ঞতা কৰা বিনন্দীয়া প্ৰকৃতিক শিল্প বা কলা হিচাপে অভিহিত কৰা নহয়। এই প্ৰকৃতিৰ সৌন্দৰ্য অৱলোকন কৰি মানৱ মন বিস্মিত আৰু বিমূঢ় হৈ স্থিতিশীল ৰূপ দিবলৈ শিল্প সৃষ্টি কৰে। প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ ধাৰাবাহিকতাৰ স্বাভাৱিক ৰূপত প্ৰকাশ কৰাৰ মাধ্যমতে কলাৰ সৃষ্টি হয়। অৰ্থাৎ :
চিৰন্তন নৈসৰ্গিক প্ৰকৃতিক শিল্পীৰ নিজস্ব অভিজ্ঞতাৰ পৰা উদ্ভূত ৰং, ৰেখা, শব্দ বা ৰূপকৰ আশ্ৰয়ৰ দ্বাৰা প্ৰকাশ কৰি সেই অনুভূতি অন্যৰ মনত সঞ্চাৰ কৰে বা ইয়াৰ মাধ্যমত এক পৰিচয়বোধৰ সঞ্চাৰণ ঘটোৱাকে শিল্প বা কলা হিচাপে অভিহিত কৰা হয়।
কলাৰ তিনিটা মূল শাখা হ’ল চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য।[1] সংগীত, থিয়েটাৰ, চলচ্চিত্ৰ,নৃত্য ইত্যাদি পৰিৱেশ্য কলা আৰু সাহিত্য আৰু অন্যান্য গণসংযোগৰ মাধ্যমকো বহল দৃষ্টিত কলা অভিহিত কৰা হয়।[2] সপ্তদশ শতাব্দী পৰ্যন্ত যিকোনো বিষয়ৰ ওপৰত দক্ষতাকেই শিল্প শিল্প বোলা হৈছিল। সপ্তদশ শতিকাৰ পিছত চাৰুকলাক সাধাৰণ বিষয়সমূহৰ পৰা বিভক্ত কৰা হয়। ৰোমাণ্টিক যুগৰ পিছত ইয়াক আৰু কিছুমান ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল: চাৰুকলা, কাৰুকলা, ললিতকলা, ইত্যাদি। শিল্পৰ সৃষ্টিকৰ্তা গৰাকীক শিল্পী বোলে। শিল্পীসকল ৰূপ-বিলাসী আৰু তেওঁৰ সৃষ্ট ৰূপেই হ’ল শিল্প। শিল্পৰ চৰিত্ৰ সত্য, অনুভূতি আৰু অন্যান্য গুণক উপস্থাপন কৰা।
শিল্পৰ বিশ্বজনীন আৱেগ আছে। শিল্পীয়ে মানুহৰ মনত আৱেগৰ জোৱাৰ তোলে। শিল্প সদায় নতুন সেয়ে চিত্ৰকলা, কবিতা, সংগীত, ভাস্কৰ্য, আৰু স্থাপত্যক সুকুমাৰ কলা বুলিও কোৱা হয়। শিল্পৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ই দৰ্শকক মাত্ৰা প্ৰদান কৰে। কলা কিহৰে গঠিত হয় এই বিষয় এতিয়াও বিবাদীত।[3][4][5] সময়ে সময়ে কলা সম্পৰ্কীয় ধাৰণা সলনি হৈ আহিছে।[6][7] কলাৰ প্ৰকৃতি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য বিষয় যেনে সৃজনশীলতা আৰু প্ৰকাশভংগীৰ বিষয়ে অধ্যয়ন কৰা দৰ্শনৰ শাখাক নন্দনতত্ত্ব বোলা হয়।[8]