আব্দুল মজিদ
অসমীয়া ছবি পৰিচালক, অভিনেতা / From Wikipedia, the free encyclopedia
আব্দুল মজিদ (ইংৰাজী: Abdul Majid; জন্ম: ১৬ নৱেম্বৰ, ১৯৩১ - মৃত্যু: ২৪ ছেপ্টেম্বৰ, ২০১৭ ) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা। নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল[1]। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। অভিনেতা হিচাপে তেখেত প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আহিছে। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচা'বে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[2], উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল[3]। ২০১৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পুৱা ৯-৩০ বজাত আব্দুল মজিদৰ মৃত্যু হয়। [4][5]
ক্ষিপ্ৰ তথ্য আব্দুল মজিদ, জন্ম ...
আব্দুল মজিদ | |
---|---|
জন্ম | ১৬ নৱেম্বৰ ১৯৩১ পুৰণি বালিবাট, যোৰহাট, অসম |
মৃত্যু | ২৪ ছেপ্টেম্বৰ ২০১৭ (বয়স ৮৫) GNRC, গুৱাহাটী, অসম |
ৰাষ্ট্ৰীয়তা | ![]() |
পেচা | চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, অভিনেতা |
দাম্পত্যসঙ্গী | অকুমা |
সন্তান | নেচিমুল, কাজু, ওমৰ |
বন্ধ কৰক