অৰিহন্ত (জৈন ধৰ্ম)
From Wikipedia, the free encyclopedia
অৰিহন্ত (সাঁচ:Lang-pka, সংস্কৃত: अरिहन्त ) যিকোনো জীৱ যিয়ে নিজৰ ভিতৰৰ বাসনা যেনে মোহ, ক্ৰোধ, অভিমান আৰু লোভৰ ওপৰত জয় লাভ কৰিছে। এই চাৰি বেয়া কৰ্মৰ নাশ কৰি তেওঁলোকে নিজৰ বাস্তৱ আত্মক জানিব পাৰিছে।[1] অৰিহন্তসমূহক কেৱলিনো বোলা হয়, কাৰণ তেওঁলোকে "কেৱল জ্ঞান" প্ৰাপ্ত কৰিছে, যি জগতৰ বাস্তৱতাৰ জ্ঞান।[2][3] সেয়ে তেওঁলোকক জিন নামেৰেও অভিহিত কৰা হয়, যাৰ অৰ্থ হ'ল বিজেতা। নিজৰ জীৱনৰ শেষত জিনসকলে বাকি ৰৈ যোৱা কৰ্মকো নাশ কৰি পেলায় আৰু মোক্ষ লাভ কৰে, যাৰ পাছত তেওঁলোক "সিদ্ধ" হৈ পৰে। জিনৰ শৰীৰ থাকে, আৰু সিদ্ধৰ নাথাকে। জৈন ধৰ্মৰ প্ৰধান মন্ত্ৰৰ অন্যতম ণমোকাৰ মন্ত্ৰই পঞ্চ পৰমেষ্ঠিক নমন জনায়। মন্ত্ৰটোৰ প্ৰথম শাৰীয়েই হ'ল "ণমো অৰিহন্তনাং", অৰ্থাৎ "অৰিহন্তসকলক নমন"।
কেৱলিন দুই প্ৰকাৰৰ হয় বুলি জৈন ধৰ্মত বিশ্বাস আছে:[2]
- তীৰ্থংকৰ কেৱলী: এনে কেৱলিনৰ সংখ্যা ২৪। প্ৰথম তীৰ্থাংকৰ ঋষভনাথ আৰু অন্তিম তীৰ্থাংকৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ। তীৰ্থাংকৰে নিজে কেৱল জ্ঞান লাভ কৰাৰ পাছত আনৰো মুক্তিৰ পথ প্ৰশস্ত কৰে। [4]
- সামান্য কেৱলী: এওঁলোকে কেৱল নিজেহে কেৱল জ্ঞান লাভ কৰে।
জৈন ধৰ্মৰ মতে, প্ৰত্যেক জীৱৰে অৰিহন্ত বা জিন হোৱাৰ ক্ষমতা আছে। যিকোনো জীৱই ক্ৰোধ, অহংকাৰ, মায়া আদি ত্যাগি জিন হ'ব পাৰে৷ [1]