অসম ক্ৰিকেট দল
From Wikipedia, the free encyclopedia
অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল।[1] ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ এ লৈ অগ্ৰসৰ হয়।[2] ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে পোন প্ৰথম বাৰৰ বাবে ছেমি ফাইনেললৈ উন্নীত হৈছিল। [3]
ক্ষিপ্ৰ তথ্য অধিনায়ক:, প্ৰশিক্ষক: ...
অসম ক্ৰিকেট দল | |||
অধিনায়ক: | অমিত সিনহা | ||
---|---|---|---|
প্ৰশিক্ষক: | অজয় ৰাট্ৰা | ||
স্বত্বাধিকাৰী: | অসম ক্ৰিকেট সন্থা | ||
প্ৰতিষ্ঠা: | ১৯৬০ | ||
ঘৰুৱা খেলপথাৰ: | অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম | ||
সামৰ্থ্য: | ৪০,০০০ | ||
ৰঞ্জি ট্ৰফী বিজয়: | ০ | ||
বিজয় হাজাৰে ট্ৰফী বিজয়: | ০ | ||
চৈয়দ মুস্তাক আলী ট্ৰফী বিজয়: | ০ |
বন্ধ কৰক