অশ্বমেধ
অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ / From Wikipedia, the free encyclopedia
অশ্বমেধ (সংস্কৃত: अश्वमेध )[1] বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ঠান। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ইয়াৰ বাবে ৰাজকীয় সৈন্যবাহিনীৰ সৈতে এটা ঘোঁৰা এবছৰৰ কাৰণে মুকলিকৈ বিচৰণ কৰি ফুৰিবলৈ এৰি দিয়া হৈছিল। ঘোঁৰাটোৱে বিচৰণ কৰা অঞ্চলত কোনো বিৰোধী বা শত্ৰুৱে ৰজাৰ আধিপত্য অমান্য কৰি লগত যোৱা সৈন্যবাহিনীৰ সৈতে যুদ্ধ কৰিব পাৰে। যদি এবছৰৰ পিছত কোনো শত্ৰুৱে ঘোঁৰাটো ধৰিব বা হত্যা কৰিব নোৱাৰে তেন্তে তাক পুনৰ ৰাজধানীলৈ ঘূৰাই অনা হয়। ইয়াৰ পিছত সেই ঘোঁৰাটো বলি দি ৰজাজনক একচ্ছত্ৰী হিচাপে ঘোষণা কৰা হয়।
মহাভাৰতৰ চতুৰ্দশ পৰ্ব অৰ্থাৎ অশ্বমেধিকা পৰ্বত অশ্ব বলিদানৰ সৰ্বশ্ৰেষ্ঠ বৰ্ণনা পোৱা যায়। কৃষ্ণ আৰু ব্যাসে ৰজা যুধিষ্ঠিৰক অশ্ব উছৰ্গা কৰিবলৈ পৰামৰ্শ দিয়াৰ বিষয়ে যথেষ্ট দীঘলীয়াকৈ বৰ্ণনা কৰা হৈছে। ইয়াত ২টা খণ্ড আৰু ৯৬টা অধ্যায় আছে।[2][3] আন এক সংস্কৰণত এক উপপাঠ্য আৰু ৯২টা অধ্যায় আছে।[4][5]
প্ৰাচীন কালৰ বহুসংখ্যক ৰজাই এই অনুষ্ঠান পাতিছিল বুলি তথ্য পোৱা গৈছে যদিও যোৱা এক সহস্ৰাব্দৰ ভিতৰত কেৱল দুজন ৰজাইহে অশ্বমেধ অনুষ্ঠিত কৰিছিল। ইয়াৰে ভিতৰত শেষৰটো জয়পুৰৰ মহাৰজা দ্বিতীয় জয়সিঙে অনুষ্ঠিত কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সংস্কৃত মহাকাব্য আৰু পুৰাণত অসংখ্য অশ্বমেধ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে।[6] যেনে, মহাভাৰতৰ মতে সম্ৰাট ভৰতে যমুনাৰ পাৰত এশটা, সৰস্বতীৰ পাৰত তিনিশটা আৰু গংগাৰ পাৰত চাৰিশটা অশ্বমেধ অনুষ্ঠান সম্পন্ন কৰিছিল। তেওঁ পুনৰ বিভিন্ন স্থানত হাজাৰ অশ্বমেধ আৰু এশ ৰাজসূয় অনুষ্ঠিত কৰে।[7] গুপ্ত আৰু চালুক্য বংশৰ দ্বাৰা শাসন কৰা বিশাল সাম্ৰাজ্যৰ পিছত অশ্বমেধ প্ৰথা উল্লেখযোগ্যভাৱে হ্ৰাস পায়।[8]