অদিতি
হিন্দু ধৰ্মৰ এগৰাকী দেৱী / From Wikipedia, the free encyclopedia
অদিতি (সংস্কৃত: अदिति = "অসীম" বা "সীমাহীন”[lower-alpha 1]) হৈছে অসীমক প্ৰকাশ কৰা হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। অদিতি আকাশ, চেতনা, অতীত, ভৱিষ্যত আৰু উৰ্বৰতাৰ অধিকাৰী দেৱী[1] তেওঁ হৈছে আদিত্যসকল তথা বিষ্ণু আৰু অগ্নিকে ধৰি বহুতো দেৱতাৰ মাতৃ। সকলো অস্তিত্বৰ আদি মাতৃ হিচাপে অদিতি মহাকাশ ("আকাশ") আৰু মাত−কথা ("বাক")ৰ সৈতে জড়িত। অদিতীক ব্ৰহ্মাৰ স্ত্ৰীলিংগ হিচাহে গণ্য কৰিব পাৰি আৰু প্ৰাথমিক অস্তিত্ব ( "মূলপ্ৰকৃতি")ৰ সৈতে জড়িত। ঋকবেদত প্ৰায় ৮০ বাৰতকৈও অধিক অদিতিৰ নাম উল্লেখ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য অদিতি, সম্পৰ্ক ...
অদিতি | |
---|---|
দেৱতাৰ মাতৃ | |
![]() অদিতী | |
সম্পৰ্ক | আদি শক্তি |
তৰোৱাল, ত্ৰিশূল | |
সঙ্গী | কাশ্যপ |
সন্তান | আদিত্য বামন |
বাহন | Phoenix |
হিন্দু পাঠ্য | ঋগবেদ |
বন্ধ কৰক
"একে দৈৱিক বৈশিষ্ট্য[2] আৰু দৈৱ জ্ঞান[3]ৰ অন্তহীন পুনৰজনম"ক নিৰ্দেশ কৰিবলৈ "অদিতিৰ পৰা দক্ষৰ আৰু দক্ষৰ পৰা অদিতিৰ আৱিৰ্ভাৱ" হোৱা শ্লোক দৈৱজ্ঞানীসকলে উল্লেখ কৰা দেখিবলৈ পোৱা যায়॥