ভাৰতীয় টেবুল টেনিছ খেলুৱৈ From Wikipedia, the free encyclopedia
অচন্ত শৰৎ কমল (ইংৰাজী: Achanta Sharath Kamal; জন্ম: ১২ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ। তেওঁ এতিয়ালৈকে দহবাৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা প্ৰথমজন ভাৰতীয় টেবুল টেনিছ খেলুৱৈ হিচাপে আঠবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন কমলেশ মেহতাৰ অভিলেখ ভংগ কৰে।[2] ২০১৯ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান লাভ কৰে।[3]
অচন্ত শৰৎ কমল | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত শৰৎ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সম্পূৰ্ণ নাম | অচন্ত শৰৎ কমল[1] | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১২ জুলাই, ১৯৮২ (৪২ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ৬ ফুট ১ ইঞ্চি (১.৮৫ মিটাৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন | ৮২ কেজি (১৮০ পাউণ্ড) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তেওঁ মুঠ ৪টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰে পুৰুষৰ একক, পুৰুষৰ দলীয় আৰু মিক্সড ইভেণ্টত মুঠ তিনিটা স্বৰ্ণ পদক আৰু পুৰুষৰ দ্বৈতত ৰূপৰ পদক লাভ কৰে।
২০২১ চনৰ মে’ মাহলৈকে তেওঁৰ আইটিটিএফৰ বিশ্ব ৰেংকিং ৩২। তেওঁ ২০১৫ চনত জয়পুৰত অনুষ্ঠিত এছিয়ান কাপত বিশ্ব নং ক্ৰমে ৮ আৰু ১৬ জু ছে হ্যুক আৰু চুৱাং চিহ-ইউয়ানক পৰাস্ত কৰিছিল।[4] শৰতে ২০০৪ চনত কুৱালালামপুৰত অনুষ্ঠিত হোৱা ১৬ সংখ্যক কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত সোণৰ পদক লাভ কৰিছিল।
২০১০ চনৰ জুলাই মাহত মিচিগানৰ গ্ৰেণ্ড ৰেপিডছত অনুষ্ঠিত হোৱা ইউ এছ অ’পেন টেবুল টেনিছ পুৰুষৰ চেম্পিয়নশ্বিপত তেওঁ জয়ী হৈছিল। একে বছৰতে তেওঁ ইজিপ্ত অ’পেনত হংকঙৰ লি চিঙক ষ্ট্ৰেইট ছেটত ১১–৭, ১১–৯, ১১–৮, ১১–৪ গ’লত পৰাস্ত কৰি জয়লাভ কৰে; এইদৰে আইটিটিএফ প্ৰ' ট্যুৰত একক খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।[5] একেটা চেম্পিয়নশ্বিপতে ফেভাৰিট আৰু ৯ বাৰৰ চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি দলীয় খিতাপ দখল কৰা ভাৰতীয় পুৰুষ দলৰ অধিনায়ক হিচাপেও তেওঁ অধিনায়কত্ব প্ৰদৰ্শন কৰিছিল।
২০০৬ চনত মেলবৰ্ণত অনুষ্ঠিত কমনৱেলথ গেমছতো তেওঁ ফাইনেলত অষ্ট্ৰেলিয়ান উইলিয়াম হেনজেলক পৰাস্ত কৰি সোণৰ পদক লাভ কৰাৰ উপৰিও ছিংগাপুৰৰ বিৰুদ্ধে টেবুল টেনিছ দলীয় ইভেণ্টত ভাৰতীয় দলটোক সোণৰ পদক লাভ কৰাত সহায় কৰিছিল। তেওঁ সুভজিৎ সাহাৰ সৈতে মিলি ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ডাবলছৰ স্বৰ্ণ পদক লাভ কৰে।[6] ২০১৮ চনত গোল্ড কোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত তেওঁ তিনিটা পদক অৰ্জন কৰিছিল, ইয়াৰে পুৰুষৰ দলীয় ইভেণ্টত এন্থনী অমলৰাজ, হৰমীত দেশাই, সাথিয়ান জ্ঞানশেকৰণৰ সৈতে সোণৰ পদক আৰু পুৰুষৰ ডাবলছত ৰূপালী আৰু পুৰুষৰ একক ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।[7][8][9]
২০০৪ চনত এথেন্সত অনুষ্ঠিত অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ বৰ্তমানলৈ ভাৰতৰ শীৰ্ষ টিটি খেলুৱৈ। ২০০৬ চনত কাটাৰত অনুষ্ঠিত এছিয়ান গেমছতো তেওঁ দেশখনক প্ৰতিনিধিত্ব কৰিছিল।
২০০৭ চনত তেওঁ উত্তৰ কোৰিয়াৰ পিয়ংইয়াঙত অনুষ্ঠিত পিয়ংইয়াং আমন্ত্ৰণমূলক প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমজন ভাৰতীয় আছিল। ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ ২১ সংখ্যক সংস্কৰণ আছিল। বিশ্ব চাৰ্কিটত তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০০৭ চনৰ জুন মাহত অনুষ্ঠিত হোৱা জাপান প্ৰ' ট্যুৰত য'ত তেওঁ বিশ্ব নং ১৯ নং লি জং ৱু (দক্ষিণ কোৰিয়া)ক পৰাস্ত কৰিছিল। এই জয়ৰ পিছত তেওঁ নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিঙত বিশ্বৰ ৭৩ নং স্থানত উপনীত হয় আৰু ২০১১ চনৰ জানুৱাৰী মাহত তেওঁৰ ৰেংকিং আছিল ৪৪।
২০১০–১১ চনৰ ছিজনত তেওঁ টি এছ ভি গ্ৰেফেলফিঙৰ হৈ জাৰ্মান মেজৰ লীগ (বুণ্ডেছলিগা)তো খেলিছিল আৰু শীৰ্ষ জাৰ্মান টি টি খেলুৱৈৰ ওপৰত জয়লাভ কৰি লীগৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০১১–১২ ছিজনত তেওঁ এছ ভি ৱাৰ্ডাৰ ব্ৰেমেনৰ হৈ খেলিছিল। ২০১২–১৩ চনৰ সময়ছোৱাত তেওঁ ছুইডিছ লীগত খেলাৰ পূৰ্বে ২০১৩ চনৰ মে’ মাহত জাৰ্মানীলৈ উভতি আহি বৰুছিয়া ডাচেলডৰ্ফৰ হৈ চুক্তিবদ্ধ হয়। "Rekordmeisters" নামেৰে পৰিচিত বৰুছিয়া ডাচেলডৰ্ফ ইউৰোপৰ অন্যতম শ্ৰেষ্ঠ ক্লাব। জাৰ্মানীৰ এক সন্মানীয় কাপ প্ৰতিযোগিতা ২০১৩ বৰ্ষৰ বাবেও শৰত আৰু তেওঁৰ দলটোৱে জয়লাভ কৰে। বৰ্তমান দলটোৱে ২০১৩–১৪ চনৰ বুণ্ডেছলিগা ছিজনত দ্বিতীয় স্থান লাভ কৰিছে।
এছিয়ান অলিম্পিকৰ যোগ্যতা অৰ্জনত ইৰাণৰ নোছাদ আলমিয়ানক পৰাস্ত কৰি ২০১৬ চনৰ ৰিঅ' অলিম্পিকলৈ তেওঁ যোগ্যতা অৰ্জন কৰে।[10] কিন্তু তেওঁ পুৰুষৰ ব্যক্তিগত ইভেণ্টত ৰোমানিয়াৰ এড্ৰিয়ান ক্ৰিয়ানৰ হাতত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডতে প্ৰস্থান কৰে।[11] তেওঁ পি এছ বি বি নুংগম্বকম স্কুল[12] (২০০০ চনৰ শ্ৰেণী) আৰু চেন্নাইৰ লয়লা কলেজৰ প্ৰাক্তন ছাত্ৰ।[13] তেওঁ ভাৰতীয় তেল নিগমত বিষয়া হিচাপে কৰ্মৰত।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.