অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ From Wikipedia, the free encyclopedia
ড° অখিল ৰঞ্জন দত্ত (ইংৰাজী: Akhil Ranjan Dutta) অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম থানেশ্বৰ কলিতা আৰু মাতৃৰ নাম পদ্মাৱতী কলিতা।
ড° অখিল ৰঞ্জন দত্তৰ বিভিন্ন গৱেষণামূলক প্ৰবন্ধ সমাজ বিজ্ঞানৰ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা যেনে Economic and Political weekly, Social Change, Indian Journal of Political Science, International Sociological Research আদিত প্ৰকাশ পাইছে। তেওঁ অসমীয়া দৈনিক বিশেষকৈ আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক অসম আদিৰো নিয়মীয়া লেখক। আমাৰ অসমত প্ৰকাশিত 'ধাৰাভাষ্য' আৰু নিয়মীয়া বাৰ্তাত প্ৰকাশিত 'জনসোঁতৰ কথকতা' তেখেতৰ দুটা গুৰুত্বপূৰ্ণ শিতান।
ড° দত্তৰ প্ৰকাশিত মুখ্য গ্ৰন্থসমূহ হৈছে-[1]
অধ্যাপনা আৰু গৱেষণাৰ সমান্তৰালভাৱে ড° দত্তই উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ আৰু সন্মান জড়িত হৈ থকা সামাজিক-ৰাজনৈতিক বিষয়সমূহতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ২০১৯-২০ চনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা পালন কৰিছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.