সংগ্ৰাম
অসমীয়া চলচ্চিত্ৰ (১৯৬৮) From Wikipedia, the free encyclopedia
সংগ্ৰাম (ইংৰাজী: Sangram) ১৯৬৮ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালনা অমৰ পাঠকৰ। আই কে চিনে এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ইজৰাইল খানে। মুখ্য ভূমিকাত আছে নিপন গোস্বামী আৰু বিদ্যা ৰাও[1] এইখন নিপন গোস্বামীৰ নায়কৰ ৰূপত প্ৰথম ছবি। তেওঁ তেতিয়া পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী। হঠাতে পৰিচালক পাঠকৰ পৰা এখন চিঠি এখন পালে, য'ত তেওঁক সংগ্ৰাম ছবিৰ মূল ভাওটোত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল। সেইমৰ্মে তেওঁ ছবিৰ শ্বুটিঙত অংশ ল'বলৈ কলিকতালৈ গুচি গৈছিল।[2][3]
সংগ্ৰাম Sangram | |
---|---|
![]() | |
পৰিচালক | অমৰ পাঠক |
চিত্ৰনাট্য | অমৰ পাঠক, দেৱকুমাৰ বসু |
কাহিনী | অমৰ পাঠক |
প্ৰযোজক | ইজৰাইল খান |
অভিনয়ত | বিদ্যা ৰাও নিপন গোস্বামী |
চিত্ৰগ্ৰহণকাৰী | নলিন দুৱৰা (DOP) |
সম্পাদনা | গোৱৰ্দ্ধন অধিকাৰী |
সংগীত পৰিচালক | অসিত গাঙ্গুলী, গিৰিশ দাস |
মুক্তি |
১১ জানুৱাৰী ১৯৬৮ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনী
এগৰাকী দাল-দৰিদ্ৰ বিধৱা। এহাল ল'ৰা-ছোৱালীৰ মাক। এসময়ত যথেষ্ঠ অৱস্থাপন্ন আছিল যদিও সময়ৰ পাকচক্ৰত পিছলৈ আৰ্থিক অনাতনত জুৰুলা পৰিল। তথাপিও পুতেক ৰঞ্জিতক মানুহ কৰাৰ বাবে কষ্ট কৰি কলেজত পঢ়ুৱাইছিল। ১৯৫০ৰ বৰভূঁইকুপে অসমৰ নদ-নদী আৰু সলনি কৰাৰ দৰে আওআধুনিক সভ্যতাৰ ধুমুহায়ো সমাজখনৰ নৈতিকতা, স্বভাৱ-চৰিত্ৰ সলনি কৰি পেলালে।[1]
মাক-ভনীয়েকৰ ভৰণ-পোষণৰ বাবে ৰঞ্জিতে পঢ়া এৰিবলগীয়া হ'ল। নবীন সভ্যতাৰ সোৱাদ পোৱা বন্ধুবৰ্গই তেওঁক যিকোনো উপায়েৰে হ'লেও ধন ঘটিবলৈ পৰামৰ্শ দিলে যদিও ৰঞ্জিতৰ বিবেকে তেওঁক কোনো অনৈতিক পন্থাৰে ধন ঘটিব নকয়। চাহ বাগিছাৰ মালিকৰ ছোৱালী নিৰুপমা বৰুৱাই তাৰ প্ৰতি আকৃষ্ট হয় আৰু দেউতাৰ পইচাৰে উচ্চশিক্ষাৰ খৰচ যোগাবলৈ আগবাঢ়ি আহে। কিন্তু ৰঞ্জিতে এই উপযাচি দিয়া এই অনুগ্ৰহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। উপেক্ষিতা নাৰীৰ প্ৰতিশোধ মনোবৃত্তি তাইৰ অন্তৰত জাগি উঠিল। যেতিয়া ৰঞ্জিতে তাইৰ দেউতাৰ বাগিছাত এছিষ্টেণ্ট মেনেজাৰ ৰূপে চাকৰিত সোমাল, তাইৰ এই প্ৰতিশোধৰ বাসনা চৰিতাৰ্থ কৰিবলৈ অপূৰ্ব সুযোগ পালে।[1]
ৰঞ্জিতৰ সততা আৰু কৰ্মপটুতাত নিৰুৰ দেউতাক মোহিত হ'ল। নিৰুৰ বাবে দৰা চোৱাৰ প্ৰয়োজন নাই, তাইৰ বাবে ৰঞ্জিতেই হ'ব উপযুক্ত পাত্ৰ- এই কথা ভাবি দেউতাকে স্বস্তিৰ নিশ্বাস পেলালে।ইফালে চাকৰিত সততা বজাই ৰাখিবলৈ গৈ ৰঞ্জিত বহুতৰে শত্ৰু হ'ল। তাৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰত সি বিধ্বস্ত হৈ পৰিল। অপমানিতা নিৰুয়ো তাক সহায়ৰ হাত আগ নবঢ়োৱাৰ সিদ্ধান্ত ল'লে; যদিও অৱচেতন মনত তাৰপ্ৰতি তাইৰ প্ৰেম তেতিয়াও অক্ষুণ্ণ আছিল। প্ৰতিকুল পৰিস্থিতিৰ বিৰুদ্ধে ৰঞ্জিতৰ যুঁজ চলি থাকিল।[1]
কলা-কুশলী
- (তথ্যছকত নথকা)
- বেনাৰ- আই কে চিনে এণ্টাৰপ্ৰাইজ
- সংলাপ- অমৰ পাঠক
- অপাৰেটিং কেমেৰামেন- শঙ্কৰ বেনাৰ্জী
- শব্দগ্ৰহণ- জে ডি ইৰাণী, শ্যাম সুন্দৰ ঘোষ
- কলা নিৰ্দেশনা- সঞ্জিত সেন[1]
অভিনয়ত
- বিদ্যা ৰাও
- নিপন গোস্বামী
- প্ৰদীপ ভূঞা
- ৰাজেন দাস
- শ্যামলী চেতাৰ্জী
- জোনালী দুৱৰা
- গিৰিশ দাস
- তিলক দুৱৰা
- ভোলা (শিশুশিল্পী) আদি[1]
সঙ্গীত
সংগ্ৰামৰ সঙ্গীত পৰিচালনা কৰিছে অসিত গাঙ্গুলী আৰু গিৰিশ দাসে। গীত লিখিছে অমৰ পাঠক, অসিত গাঙ্গুলী আৰু গিৰিশ দাসে। ইয়াত শঙ্কৰদেৱ বিৰচিত এটা বৰগীত আৰু এটা হিন্দী গীত অন্তৰ্ভূক্ত কৰা হৈছে।[4]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "মধুৰ মুৰাৰী মুৰাৰু, মন দেখো হৃদয়ে হামাৰু (বৰগীত)" | শংকৰদেৱ | পিণ্টু ভট্টাচাৰ্য | |||||||
2. | "জীৱনটো যদি তুমি ভাল পোৱা, যৌৱনটো তুমি যদি ভাল পোৱা" | অমৰ পাঠক | অনিল দত্ত, কৃষ্ণা গুপ্তা | |||||||
3. | "আজি মোৰ শেষ গান, নহয় অভিমান, বিদায় দিয়া তুমি খেলা হ'ক অৱসান" | অমৰ পাঠক | পিণ্টু ভট্টাচাৰ্য | |||||||
4. | "মন মোৰ উতলা হিয়া চুৰ কৰিলা, অ' মোৰ বুকুৰ লাহৰি আহুদি কি কৰিলা" | অমৰ পাঠক | পিণ্টু ভট্টাচাৰ্য, কৃষ্ণা গুপ্তা | |||||||
5. | "সোণ মোৰ শোৱা টোপনি নাভাঙো, আমনি নকৰো তুমি ঘুমটি যোৱা" | গিৰিশ দাস | গৌৰীৰাণী ঘোষ | |||||||
6. | "যা যাৰে ছলিয়া তুঝে নহী বলুঁ, বাহানা কৰকে তু দিলকো লুটা" | অসিত গাঙ্গুলী | নিৰ্মলা মিশ্ৰ |
বাহ্যিক সংযোগ
তথ্য উংস
Wikiwand - on
Seamless Wikipedia browsing. On steroids.