অসমীয়া অভিনেত্ৰী From Wikipedia, the free encyclopedia
বিদ্যা ৰাও (ইংৰাজী: Bidya Rao) এগৰাকী অসমীয়া আৰু বঙালী ছবিৰ অভিনেত্ৰী। তেওঁৰ অধিকাংশ চলচ্চিত্ৰ-কৰ্ম অসমীয়া ভাষাতেই সম্পন্ন হৈছে। ডিব্ৰুগড় নগৰত জন্ম হোৱা বিদ্যা ৰাও কলিকতা মহানগৰত ডাঙৰ-দীঘল হৈছিল। ছয়বছৰ বয়সতে ড॰ ভূপেন হাজৰিকা পৰিচালিত শকুন্তলা বোলছবিত এটা শিশু চৰিত্ৰত কৰা অভিনয়ৰে তেওঁ ছবিজগতত পদাৰ্পন কৰে। তেওঁ বাৰখন বঙালী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰোপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো তেওঁ অভিনয় কৰিছিল।[1]
বিদ্যা ৰাওৱে সত্তৰৰ পৰা আশীৰ দশকত কেইবাখনো জনপ্ৰিয় আৰু ব্যৱসায়িকভাৱে সফল ছবি উপহাৰ দিয়ে। বিজু ফুকন, নিপন গোস্বামী, তপন দাসকে ধৰি অসমীয়া ছবি-জগতৰ একাধিক নবীন আৰু প্ৰবীণ অভিনেতাৰ লগত তেওঁ অভিনয় কৰে। 'প্ৰতিধ্বনি', 'অৰণ্য', 'মানৱ আৰু দানৱ', 'ঘৰ সংসাৰ', 'জীৱন সুৰভি', 'পূজা', 'হৃদয়ৰ আঁৰে আঁৰে', 'অংগীকাৰ'ৰ দৰে বহুতো ছবিত তেওঁ মুখ্য চৰিত্ৰকে ধৰি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ড॰ ভূপেন হাজৰিকা, শিৱপ্ৰসাদ ঠাকুৰ, সমৰেন্দ্ৰ নাৰায়ণ দেৱ, পুলক গগৈ, ড॰ ভবেন্দ্ৰ নাথ শইকীয়া দৰে বিশিষ্ট চলচ্চিত্ৰকাৰৰ দ্বাৰা পৰিচালিত ছবি বিদ্যা ৰাওক ভিন্-ভিন্ ৰূপত দেখা গৈছিল।[2]
অসমীয়া ছবিজগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমৰ অগ্ৰণী অনুষ্ঠান 'জ্যোতিৰূপা'ৰ পৰা বিদ্যা ৰাওৱে 'জীৱনজোৰা সাধনাৰ বঁটা' লাভ কৰিছে। অসম চৰকাৰে তেওঁক 'নটসূৰ্য ফণী শৰ্মা বঁটা'ৰে সন্মানিত কৰিছে।
অসমীয়া[উদ্ধৃতিৰ প্ৰয়োজন] মাতৃ আৰু মহাৰাষ্ট্ৰীয় পিতৃৰ সন্তান বিদ্যা ৰাওৰ জন্ম হৈছিল অসমৰ ডিব্ৰুগড় নগৰত। ডাঙৰ-দীঘল হয় কলকাতা মহানগৰীত। ছবি বিতৰক তথা অসমীয়া ছবি সোণ মইনাৰ প্ৰযোজক এম পি এন নায়াৰৰ সৈতে তেওঁৰ বিবাহ হয়। নায়াৰ আছিল এগৰাকী মালয়ালম লোক; গুৱাহাটীত তেওঁৰ এটা ছবি বিতৰণ কাৰ্যালয় আছিল। অসম আৰু কেৰালাৰ প্ৰাকৃতিক সাদৃশ্য থকা গুণে নায়াৰৰ অসমৰ প্ৰতি এক আকৰ্ষণ আছিল আৰু অসমলৈ উভতি আহিবলৈ আগ্ৰহী আছিল। সেই সূত্ৰেই বিদ্যা ৰাও স্বামীৰ সৈতে ১৯৮০ চনত স্থায়ীভাবে বাস কৰিবলৈ গুৱাহাটীলৈ গুচি আহে।[1]
১৯৬১ চনত মুক্তিলাভ কৰা ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি 'শকুন্তলা'ত বিদ্যা ৰাওক এটি শিশু চৰিত্ৰত পোনপ্ৰথমবাৰৰ বাবে দেখা যায়। সেই সময়ত তেওঁৰ বয়স আছিল মাথোঁ ছবছৰ।[3]১৯৬৫ চনত তেখেতে 'প্ৰতিধ্বনি' আৰু ১৯৬৬ চনত 'লটিঘটি'ত অভিনয় কৰে। এই দুয়োখন ছবিৰো নিৰ্মাতা আছিল ড॰ ভূপেন হাজৰিকা। 'লটিঘটি'ত তেওঁ কেন্দ্ৰীয় নাৰী চৰিত্ৰটিত অভিনয় কৰে।[2]
১৯৭১ চনত ৰাৱে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত 'অৰণ্য'ত মুখ্য নাৰী চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ শিতানত ৰজত কমল লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনে ব্যৱসায়িক সফলতাও লাভ কৰে। ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰে বিজু ফুকনে। ছবিখনৰ 'শিলে শিলে ঠেকা খালে' শীৰ্ষক গীতটো শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয় হৈ উঠে, য'ত বিদ্যা ৰাওক দেখিবলৈ পোৱা গৈছিল। এই ছবিখন ৰাওৰ কেৰিয়াৰৰ এখনি গুৰুত্বপূৰ্ণ ছবি হিচাপে বিবেচিত হয়। কিয়নো, ইয়াৰ পিছতে তেওঁলৈ বহুকেইখন অসমীয়া ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰে।[2]
ৰাওৰ অভিনয়-জীৱনৰ আন দুখন উল্লেখযোগ্য কথাছবি হৈছে-শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে 'ঘৰ সংসাৰ' আৰু 'মন-মন্দিৰ'। দুয়োখন ছবিতেই ৰাওক নায়িকাৰ ৰূপত দেখা যায়। ছবি দুখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। পুলক গগৈৰ পৰিচালনাত মুক্তি লাভ কৰা অসমীয়া ছবি 'সেন্দূৰ' ৰাওৰ জীৱনৰ আন এখন স্মৰণীয় ছবি।[2] ছবিখনত তপন দাসে নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তপন দাসে সৰুতে বিদ্যা ৰাও অভিনীত 'সংগ্ৰাম', 'মুকুতা' আৰু 'অৰণ্য' আদি ছবি প্ৰত্যক্ষ কৰিছিল। সেয়েহে প্ৰথমাৱস্থাত সেইগৰাকী অভিনেত্ৰীৰ লগত 'ৰোমাণ্টিক যুটী' হিচাপে অভিনয় কৰিবলৈ সামান্য নাৰ্ভাচ হৈছিল। পৰিচালক পুলক গগৈৰ উৎসাহ আৰু বিদ্যা ৰাওৰ সহযোগিতাই তেওঁৰ সেই বিব্ৰতবোধ দূৰ কৰিছিল।[2]
অসমৰ গল্পকাৰ, চলচ্চিত্ৰকাৰ, সাহিত্যিক ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত 'সাৰথি'ত বিদ্যা ৰাৱে এটি ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৯১ চনত ছবিখন মুক্তি হয়। ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজতকমল পাবলৈ সক্ষম হৈছিল।[4]
বিদ্যা ৰাওৱে বাৰখন বঙালী ভাষাৰ ছবিত অভিনয় কৰিছিল। সৌমিত্ৰ চেটাৰ্জী, উত্তম কুমাৰ, অনুপ কুমাৰ সেন, সত্য বেনাৰ্জী, ৰবি ঘোষৰ দৰে অভিনয়-শিল্পীৰ লগত তেওঁ কাম কৰিছে।[2]
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকত বিদ্যা ৰাওৱে অভিনয় কৰিছে। ইয়াৰোপৰি তেখেতে সন্ধ্যাতৰা, বিষবাষ্প, ১৪ আগষ্ট, আকাশী লতাৰ ৰং, সীমা আদি টিভি চিৰিয়েল প্ৰযোজনা কৰিছিল।[3]
১৯৮৪ চনত বিদ্যা ৰাৱে কহিনুৰ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল। উক্ত নাট্যবৰ্ষতে তেওঁ মহাভাৰত নাটকৰ 'দ্ৰৌপদী'ৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।[2]
বিদ্যা ৰাৱে অসমীয়া ছবি মইনাজান প্ৰযোজনা কৰিছিল।[2] আনহাতে তেওঁৰ স্বামী এম পি এন নায়াৰ 'সোণ মইনা' নামৰ ছবিখনৰ অন্যতম প্ৰযোজক আছিল।[2]
বিদ্যা ৰাৱে বহুকেইখন অসমীয়া ছবিত মূল ভূমিকাত বা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ উপৰিও প্ৰায় ২০খন বঙালী ছবিতো অভিনয় কৰে।[5][1][3]
চন | ছবিৰ নাম | ভাষা | টোকা |
---|---|---|---|
১৯৬১ | শকুন্তলা | অসমীয়া | শিশু চৰিত্ৰ |
১৯৬৪ | প্ৰতিধ্বনি | অসমীয়া | |
১৯৬৬ | লটিঘটি | অসমীয়া | বিজয় শঙ্কৰৰ বিপৰীতে নায়িকা। ১৯৬৫ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবি। |
১৯৬৮ | সংগ্ৰাম | অসমীয়া | |
১৯৬৯ | চিকমিক বিজুলী | অসমীয়া | |
১৯৭০ | অপৰাজেয় | অসমীয়া | সহয়োগী অভিনেত্ৰী |
১৯৭০ | মুকুতা | অসমীয়া | ১০০ দিন পাৰ কৰা প্ৰথম অসমীয়া ছবি। |
১৯৭১ | মানৱ আৰু দানৱ | অসমীয়া | |
১৯৭১ | অৰণ্য | অসমীয়া | নায়িকা। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবি। |
১৯৭৭ | সোণমা | অসমীয়া | |
১৯৭৮ | নিয়তি | অসমীয়া | |
১৯৮০ | আজলী নবৌ | অসমীয়া | অন্যতম নায়িকাৰ ভাওত অভিনয়। ছবিগৃহত ২৫ সপ্তাহ জুৰি চলা প্ৰথম অসমীয়া ছবি। |
১৯৮০ | মইনাজান | অসমীয়া | নায়িকা। মইনাৰ চৰিত্ৰত। |
১৯৮১ | মানসী | অসমীয়া | |
১৯৮৩ | শ্ৰী শ্ৰী মা কামাখ্যা | অসমীয়া | নায়িকা |
১৯৮৩ | ঘৰ সংসাৰ | অসমীয়া | নায়িকা |
১৯৮৪ | সেন্দূৰ | অসমীয়া | নায়িকা |
১৯৮৪ | নয়নমণি | অসমীয়া | |
১৯৮৪ | জীৱন সুৰভি | অসমীয়া | নায়িকা |
১৯৮৫ | পূজা | অসমীয়া | |
১৯৮৫ | মন মন্দিৰ | অসমীয়া | |
১৯৮৭ | প্ৰতিদান | অসমীয়া | |
১৯৮৭ | জেতুকী | অসমীয়া | |
১৯৯১ | প্ৰেম জনমে জনমে | অসমীয়া | |
১৯৯২ | সাৰথি | অসমীয়া | মুখ্য নাৰী চৰিত্ৰত অভিনয় |
১৯৯৫ | উৰ্বশী | অসমীয়া | |
১৯৯৬ | ৰাগ-বিৰাগ | অসমীয়া | |
২০০২ | জোনাকী মন | অসমীয়া | |
২০০২ | প্ৰেম আৰু প্ৰেম | অসমীয়া | |
২০১২ | তুলা আৰু তেজা | অসমীয়া | |
২০১২ | সমীৰণ বৰুৱা আহি আছে | অসমীয়া | অতিথি শিল্পী |
১৯৬৬ | পৰী | বঙালী | |
১৯৬৬ | দোল গোবিন্দেৰ কড়চা | বঙালী | |
১৯৬৮ | তিন অধ্যায় | বঙালী | |
১৯৬৯ | শেষ থেকে শুৰু | বঙালী | |
১৯৭৩ | অগ্নি ভ্ৰমৰ | বঙালী | |
১৯৭৩ | বন পলাশীৰ পদাবলী | বঙালী | |
১৯৭৩ | নতুন দিনেৰ আলো | বঙালী | |
১৯৮৩ | চেনা অচেনা | বঙালী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.