শ্ৰীমদ্ভগৱতগীতা
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता , ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত।[1]
হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত।[2] গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়।[2] সেয়েহে গীতাক ‘শ্ৰীভগৱান’ বুলিও নামকৰণ কৰা হৈছে।[3]
গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হয় পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ[4] আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যৱহাৰিক পথ নিৰ্দেশিকা বুলি কোৱা হয়। যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ ‘স্বয়ং ভগৱান’ ৰূপটি উন্মোচিত কৰিছিল আৰু বিশ্বৰূপে অৰ্জুনক দৰ্শন দি আশীৰ্বাদ কৰিছিল। গীতাৰ ১১ অধ্যায়ত গীতা জ্ঞানদাতাই নিজৰ বিৰাট ৰূপ দেখুৱাইছিল। তেতিয়া অৰ্জুন ভয়তে কঁপিবলৈ ধৰিলে। শ্ৰী কৃষ্ণ অৰ্জুনৰ জেঠেৰী, কিয়নো শ্ৰীকৃষ্ণই অৰ্জুনৰ ভগ্নী সুভাদ্ৰক বিয়া কৰাইছিল। গীতা জ্ঞানদাতাই নিজৰ বিৰাট ৰূপ প্ৰদৰ্শন কৰোঁতে সহস্ৰ বাহু দেখা গৈছিল। তেতিয়া অৰ্জুনে শ্ৰী কৃষ্ণক কোন বুলি সুধিছিল। (গীতা ১১ অধ্যায়, শ্লোক ৩১)
“শ্ৰীমদ্ভগৱদগীতা মানবীয় জ্ঞান আৰু উপলদ্ধিৰ সৰ্বোত্তম ফল। ইয়াৰ দৰ্শন আৰু সাহিত্য দুয়োটাৰে অবিভাজ্য সংশ্লেষণ ঘটিছে। তত্ত্ব-জিজ্ঞাসু সকলক গীতাই তত্ত্বৰ সন্ধান দিছে আৰু ৰসান্বেসী সকলক দান কৰিছে ৰসৰ সন্ধান। গীতাই কাকো বিমুখ কৰা নাই, কাকো বিমুখ নকৰে। মুখ্যত গীতা দৰ্শন শাস্ত্ৰ। এই গ্ৰন্থ হ’ল উপনিষদ তথা বেদান্তৰ সাৰ। আত্মাৰ অমৰত্ব, নিষ্কাম কৰ্মযোগ আৰু ঈশ্বৰৰ ওচৰত পৰিপূৰ্ণভাৱে আত্মসমৰ্পণ - গীতাই এই মৰ্মবাণী ঘোষণা কৰি আহিছে। গীতা উপনিষদেই; গীত কৰি গাব পৰাকৈ ৰচনা কৰা বাবে ‘গীতা’।” — ড॰ নগেন শইকীয়া[5]
গীতা অধ্যায়৪ ৪ শ্লোক ৭ ত শ্ৰী ভগৱানে অৰ্জুনক কৈছে যে:-
য়দা,য়দা, হি ধৰ্মস্য, গ্লানি:, ভৱতি, ভাৰত, অভ্যুত্থানম, অধৰ্মস্য, তদা, আত্মানম, সৃজামি, অহম।।৭।।
অৰ্থ:- হে ভাৰত, য'তে, যেতিয়াই ধৰ্মৰ হানি, পতন আৰু অধৰ্মৰ বৃদ্ধি হয় সেই সময়তে মই নিজৰ ৰূপক সৃজন কৰোঁ, অৰ্থাৎ সাকাৰ ৰূপেৰে মানুহৰ আগত প্ৰকট হওঁ।
গীতা অধ্যায়৪ ৪ শ্লোক ৮ -
পৰিত্ৰাণায়, সাধুনাম, বিনাশায়, চ দুষ্কৃতাম, ধৰ্মসংস্থাপনাৰ্থায়, সম্ভৱামি, য়ুগে, য়ুগে।।৮।।
অৰ্থ:- সাধু পুৰুষক উদ্ধাৰ কৰিবলৈ দুষ্টক বিনাশ কৰিবলৈ আৰু ধৰ্মক সংস্থাপন কৰিবলৈ মই যুগে-যুগে প্ৰকট হওঁ।
Seamless Wikipedia browsing. On steroids.