From Wikipedia, the free encyclopedia
তাৰিকুদ্দিন আহমেদ (ইংৰাজী: Tarikuddin Ahmed) অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ গীতটোৰ জৰিয়তে তেখেতে অসমৰ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰ এজন নিয়মীয়া সংগীত শিল্পী আছিল।
১৯২৩ চনৰ ৪ নৱেম্বৰ তাৰিখে নগাঁও জিলাত তেখেতৰ জন্ম হয়। পিতৃৰ নাম আছিল মহম্মদ চৰিফুদ্দিন আহমেদ আৰু মাতৃৰ নাম আছিল জেবিনা খাটুন।[1]
সৰুতে পিতৃহাৰা হোৱা তাৰিকুদ্দিন আহমেদৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক আছিল অতিকৈ মধুৰ। ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতখনৰ বিশিষ্ট সংগীতশিল্পী ওমকাৰ নাথ ঠাকুৰ, বড়ে গোলাম আলি খাঁ, ওস্তাদ ফায়াজ খাঁ আদিৰ সংগীতৰ প্ৰতি বাৰুকৈয়ে আকৰ্ষিত হৈছিল তাৰিকুদ্দিন আহমেদে। নগাঁৱৰ সংগীত জগতখনত তেখেতৰ সহযোগী আছিল মলিন বৰা, দুৰ্গাপ্ৰসাদ ভূঁঞা, ইক্ৰামুল মজিদ (পাৰবীন চুলতানাৰ পিতৃ) ইত্যাদি। গীতৰ যোগেদি তাৰিকুদ্দিন আহমেদ শ্ৰোতাৰ মাজত প্ৰথম পৰিচিত হয়, কমলানন্দ ভট্টাচাৰ্য্যৰ গীত ‘মোৰে ফুলনিতে উৰহি পখিলী, ফুলতে পাখি লগাই…’ গীতটিৰ যোগেদি।
১৯৪৮ চনত ক’লম্বিয়া কোম্পানীয়ে তাৰিকুদ্দিন আহমেদৰ কণ্ঠত এখন ৰেকৰ্ড (78RPM) বাণীবদ্ধ কৰে। ইয়াত সন্নিৱিষ্ট গীত ‘ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান…’-ক অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰতে ৰখা হয়। এই গীতটিৰ যোগেদিয়েই তেখেত অসমৰ সংগীতপ্ৰেমী সকলৰ মাজত এক পৰিচিত নাম হৈ পৰে। গীতটিৰ লেখক আছিল মলিন বৰা আৰু সুৰেৰে সজাইছিল দুৰ্গাপ্ৰসাদ ভূঞাই। ইয়াৰ পাছতে তেখেতে ১৯৫৪ চনত আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাবে স্বীকৃতি লাভ কৰে। তাৰিকুদ্দিন আহমেদে ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত পূবেৰুণ কথাছবিৰ সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰিছিল।[2]
১৯৯০ চনৰ ২৯ আগষ্টত এইগৰাকী সংগীত শিল্পীয়ে ইহলীলা সম্বৰণ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.